February 7, 2025 5:56 PM February 7, 2025 5:56 PM

views 2

সংসদ ভৱনত এন ডি এৰ বিহাৰৰ সাংসদসকলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

এন ডি এৰ বিহাৰৰ সাংসদসকলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিজেপি, জে ডি ইউ (আৰ) এল জে পি (আৰ) ৰ সাংসদকলে প্রধানমন্ত্ৰী মোদীক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, ৰাজীৱ ৰঞ্জন সিং আৰু চিৰাগ পাচোৱান এই সাক্ষাৎকালত সাসংসদসকলৰ সৈতে উপস্থিত থাকে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক সাংসদসকলে সাক্ষাৎ কৰে।

January 31, 2025 3:43 PM January 31, 2025 3:43 PM

views 23

২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব তেতিয়া বিকশিত ভাৰতৰ লক্ষ্যও প্রাপ্তি হ’বঃ মোদী

সংসদৰ বাজেট অধিবেশনে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্রাপ্তিৰ ক্ষেত্ৰত নতুন আত্মবিশ্বাস আৰু শক্তিৰ সঞ্চাৰ কৰিব। সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ সম্পূৰ্ণ হ'ব তেতিয়া বিকশিত ভাৰতৰ লক্ষ্যও প্রাপ্তি হ'ব। তেওঁ কয় যে জনসাধাৰণে তেওঁৰ চৰকাৰক তৃতীয়বাৰৰ বাবে দেশৰ শাসনভাৰ গ্ৰহণৰ দায়িত্ব দিছে আৰু এয়া হ’ব তেওঁৰ তৃতীয়টো শাসনকালৰ প্ৰথমখন সম্পূর্ণ বাজেট। তেওঁ লগতে কয় যে দেশে গণতান্...

January 31, 2025 3:28 PM January 31, 2025 3:28 PM

views 11

আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু যাত্রীবাহী বিমানৰ মাজত সংঘটিত দুৰ্ঘটনাত ৬৭জন লোকৰ মৃত্যুত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ মাজ আকাশত আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু এখন যাত্রীবাহী বিমানৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত কমেও ৬৭জন লোকৰ মৃত্যুৰ হোৱাৰ ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোণাল্ড ৰেমন বিমান বন্দৰৰ সমীপত কালি সংঘটিত এই দুর্ঘটনাটোত সেনা বাহিনীৰ হেলিকপ্তাৰত ৩ জনকৈ সেনা জোৱানৰ লগতে যাত্রীবাহী বিমানখনৰ ৬৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুল...

January 28, 2025 9:04 PM January 28, 2025 9:04 PM

views 8

মহাৰাণা প্রতাপ ষ্টেডিয়ামত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ

উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত আজি ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পাছতে এই ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ভাৰতীয় অলিম্পিক সন্থাৰ বিষয়ববীয়া তথা ৰাষ্ট্ৰীয় খেলুৱৈ উপস্থিত আছে। উত্তৰাখণ্ডৰ ৮ খন জিলাৰ ১১ খন নগৰত অহা ১৪ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় ক্রীড়াৰ খেলসমূহ খেলোৱা হ'ব। প্ৰতিযোগিতাত ৩৫ বিধ খেলৰ মুঠ ৪৭টা ইভেণ্ট থাকিব। আজিৰ উদ্বোধনী অনুষ্ঠানত অসমৰ দুজন...

January 28, 2025 6:35 PM January 28, 2025 6:35 PM

views 66

ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে বাৰ্তালাপ কৰি তেওঁক দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি কয়, যে দুয়োখন ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণৰ লগতে বিশ্বজুৰি শান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত একেলগে কাম কৰিব। দয়োগৰাকী নেতাই ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ড, মধ্যপ্রাচ্য আৰু ইউৰোপৰ নিৰাপত্তাজনিত বিষয়কে ধ...

January 28, 2025 5:25 PM January 28, 2025 5:25 PM

views 13

ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন কৰে। ওড়িশা চৰকাৰৰ উদ্যোগত উৎকর্ষ ওড়িশা শীর্ষক এই গোলকীয় বিনিয়োগ সন্মিলনখনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ জৰিয়তে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে। ওড়িশাই এই দুদিনীয়া সন্মিলনৰ মাধ্যমেৰে ৫ লাখ কোটি টকালৈ বিনিয়োগ বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনত তিনি লাখ ৫০ হাজাৰলৈ কৰ্ম সংস্থাপন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সন্মিলনখনত দেশৰ ভিন্ন ৰাজ্যৰ বিনিয়োগকাৰী আৰু উদ্যোগপতিৰ লগতে ১২ খন দেশৰ প্ৰতিনিধিসহ ...

January 27, 2025 4:21 PM January 27, 2025 4:21 PM

views 19

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক প্রধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই শ্রী মোদীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱসত মেক্ৰ'ৰ উপস্থিতিৰ কথা মনত পেলাই তেওঁ, বিগত বৰ্ষৰ এই অনুষ্ঠানত ফৰাচী ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্রহণে দুয়োখন দেশৰ মাজৰ কৌশলপূৰ্ণ সহযোগিতাক বিশেষ মাত্ৰা প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে একেলগে কাম কৰি থকা বুলি...

January 27, 2025 12:23 PM January 27, 2025 12:23 PM

views 10

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ বাৰ্ষিক ৰেলীত প্রধানমন্ত্ৰী মোদীৰ ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ বাৰ্ষিক ৰেলীত ভাষণ দিব। এইবাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৰেলীৰ মূল বিষয়বস্তু হৈছে- যুৱ শক্তি, বিকশিত ভাৰত। এই ৰেলীৰ সাংস্কৃতিক অনুষ্ঠানত ৮০০ গৰাকী শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিব। এই ৰে'লীত ১৮ খন বিদেশী বন্ধু ৰাষ্ট্ৰৰ ১৪৪ গৰাকী শিক্ষাৰ্থীয়ে অংশ ল'ব। ইয়াৰোপৰি সমগ্ৰ দেশৰ মোৰ যুৱ ভাৰত, শিক্ষা মন্ত...

January 22, 2025 8:06 PM January 22, 2025 8:06 PM

views 14

দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা অনুষ্ঠানত দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। সমাগত দিল্লী বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ কয় যে আম আদমী পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিব পৰা নাই। আম আদমী পাৰ্টীক তীব্র কটাক্ষ কৰি শ্ৰীমোদীয়ে কয়, যে দিল্লীত খোৱাপানীৰ পৰিৱৰ্তে সুৰা পৰ্যাপ্ত পৰিমাণে পোৱা যায়। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালকো প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়। প্রধানমন্ত্রী শ্রী...

January 22, 2025 8:02 PM January 22, 2025 8:02 PM

views 8

প্রধানমন্ত্ৰী মোদীয়ে ২৮ জানুৱাৰীত ভূৱনেশ্বৰৰ জনতা ময়দানত উৎকর্ষ ওড়িশাঃ মেক ইন ওড়িশা কনক্লেভ ২০২৫ উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ জানুৱাৰীত ভূৱনেশ্বৰৰ জনতা ময়দানত উৎকর্ষ ওড়িশাঃ মেক ইন ওড়িশা কনক্লেভ ২০২৫ উদ্বোধন কৰিব। তেওঁ ভাৰতৰ লগতে প্ৰায় ১২খন দেশৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ সমাবেশত ভাষণ দিব। অহা ২৮ আৰু ২৯ জানুৱাৰীত হ'বলগীয়া এই দুদিনীয়া সন্মিলনখনত অস্ট্রেলিয়া, মালয়েছিয়া, ছিংগাপুৰ, জাপান আৰু আন কেইবাখনো দেশৰ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ মূল লক্ষ্য হৈছে বিভিন্ন খণ্ডত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ বৃদ্ধি কৰাৰ লগতে ওড়িশাক পূব ভাৰতৰ ঔদ্যোগিক কেন্দ্ৰ হিচাপে স্থা...