February 10, 2025 5:26 PM

views 18

সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজনত গুৰুত্ব আৰোপ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ লগতে অসমৰো বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰিছে। আজি এটা ভিডিঅ’ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাৰ উপায় সন্দৰ্ভত পৰামৰ্শ দিয়ে। সুস্বাস্থ্য তথা সুষম আহাৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় য...

February 10, 2025 11:06 AM

views 41

পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্রধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ পূৰ্বে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰস্তুতি আৰু মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া পৰীক্ষা পে চৰ্চাৰ এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউ টিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্য...

February 7, 2025 8:48 PM

views 17

ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ’ব

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰী কাৰ্যালয়ৰ ইউ টিউব চেনেল আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব।

February 7, 2025 5:56 PM

views 11

সংসদ ভৱনত এন ডি এৰ বিহাৰৰ সাংসদসকলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

এন ডি এৰ বিহাৰৰ সাংসদসকলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিজেপি, জে ডি ইউ (আৰ) এল জে পি (আৰ) ৰ সাংসদকলে প্রধানমন্ত্ৰী মোদীক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, ৰাজীৱ ৰঞ্জন সিং আৰু চিৰাগ পাচোৱান এই সাক্ষাৎকালত সাসংসদসকলৰ সৈতে উপস্থিত থাকে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক সাংসদসকলে সাক্ষাৎ কৰে।

January 31, 2025 3:43 PM

views 45

২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব তেতিয়া বিকশিত ভাৰতৰ লক্ষ্যও প্রাপ্তি হ’বঃ মোদী

সংসদৰ বাজেট অধিবেশনে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্রাপ্তিৰ ক্ষেত্ৰত নতুন আত্মবিশ্বাস আৰু শক্তিৰ সঞ্চাৰ কৰিব। সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ সম্পূৰ্ণ হ'ব তেতিয়া বিকশিত ভাৰতৰ লক্ষ্যও প্রাপ্তি হ'ব। তেওঁ কয় যে জনসাধাৰণে তেওঁৰ চৰকাৰক তৃতীয়বাৰৰ বাবে দেশৰ শাসনভাৰ গ্ৰহণৰ দায়িত্ব দিছে আৰু এয়া হ’ব তেওঁৰ তৃতীয়টো শাসনকালৰ প্ৰথমখন সম্পূর্ণ বাজেট। তেওঁ লগতে কয় যে দেশে গণতান্...

January 31, 2025 3:28 PM

views 25

আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু যাত্রীবাহী বিমানৰ মাজত সংঘটিত দুৰ্ঘটনাত ৬৭জন লোকৰ মৃত্যুত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ মাজ আকাশত আমেৰিকান সেনা বাহিনীৰ ব্লেক-হক হেলিকপ্টাৰ আৰু এখন যাত্রীবাহী বিমানৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত কমেও ৬৭জন লোকৰ মৃত্যুৰ হোৱাৰ ঘটনাত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোণাল্ড ৰেমন বিমান বন্দৰৰ সমীপত কালি সংঘটিত এই দুর্ঘটনাটোত সেনা বাহিনীৰ হেলিকপ্তাৰত ৩ জনকৈ সেনা জোৱানৰ লগতে যাত্রীবাহী বিমানখনৰ ৬৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুল...

January 28, 2025 9:04 PM

views 15

মহাৰাণা প্রতাপ ষ্টেডিয়ামত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ

উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত আজি ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পাছতে এই ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ভাৰতীয় অলিম্পিক সন্থাৰ বিষয়ববীয়া তথা ৰাষ্ট্ৰীয় খেলুৱৈ উপস্থিত আছে। উত্তৰাখণ্ডৰ ৮ খন জিলাৰ ১১ খন নগৰত অহা ১৪ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় ক্রীড়াৰ খেলসমূহ খেলোৱা হ'ব। প্ৰতিযোগিতাত ৩৫ বিধ খেলৰ মুঠ ৪৭টা ইভেণ্ট থাকিব। আজিৰ উদ্বোধনী অনুষ্ঠানত অসমৰ দুজন...

January 28, 2025 6:35 PM

views 78

ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে বাৰ্তালাপ কৰি তেওঁক দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি কয়, যে দুয়োখন ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণৰ লগতে বিশ্বজুৰি শান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত একেলগে কাম কৰিব। দয়োগৰাকী নেতাই ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ড, মধ্যপ্রাচ্য আৰু ইউৰোপৰ নিৰাপত্তাজনিত বিষয়কে ধ...

January 28, 2025 5:25 PM

views 26

ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন কৰে। ওড়িশা চৰকাৰৰ উদ্যোগত উৎকর্ষ ওড়িশা শীর্ষক এই গোলকীয় বিনিয়োগ সন্মিলনখনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ জৰিয়তে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে। ওড়িশাই এই দুদিনীয়া সন্মিলনৰ মাধ্যমেৰে ৫ লাখ কোটি টকালৈ বিনিয়োগ বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনত তিনি লাখ ৫০ হাজাৰলৈ কৰ্ম সংস্থাপন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সন্মিলনখনত দেশৰ ভিন্ন ৰাজ্যৰ বিনিয়োগকাৰী আৰু উদ্যোগপতিৰ লগতে ১২ খন দেশৰ প্ৰতিনিধিসহ ...

January 27, 2025 4:21 PM

views 35

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক প্রধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই শ্রী মোদীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱসত মেক্ৰ'ৰ উপস্থিতিৰ কথা মনত পেলাই তেওঁ, বিগত বৰ্ষৰ এই অনুষ্ঠানত ফৰাচী ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্রহণে দুয়োখন দেশৰ মাজৰ কৌশলপূৰ্ণ সহযোগিতাক বিশেষ মাত্ৰা প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে একেলগে কাম কৰি থকা বুলি...