February 24, 2025 6:52 PM

views 20

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই শীৰ্ষ সন্মিলনৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সন্মিলন উপলক্ষে নির্মীয়মান সভাকক্ষ, পেভেলিয়ন, ...

February 20, 2025 8:52 PM

views 28

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত এইকথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীগৰাকীয়ে ২৫ ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিব। প্রধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানত ঝুমুৰ নৃত্য উপভোগ কৰাৰ পাছত সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীত উপস্থিত থাকিব বুলি মুখ্যমন...

February 20, 2025 8:16 PM

views 27

ভাৰত মণ্ডপমত কাইলৈ প্রধানমন্ত্ৰী মোদীয়ে ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি কৰিব। এই সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী ডাশ্বো ছেৰিং টোবগেই মুখ্য অতিথি হিচাপে মূল ভাষণ প্ৰদান কৰিব। এই দুদিনীয়া সন্মিলনে ৰাজনীতি, ক্রীড়া, কলা আৰু সংবাদ মাধ্যম, আধ্যাত্মিক জগত, ৰাজহুৱা নীতি, ব্যৱসায় আৰু সামাজিক খণ্ডৰ দৰে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক নিজৰ প্ৰেৰণাদায়ক জীৱনযাত্ৰাৰ কথা ভগাই লোৱাৰ মঞ্চ ৰূপে কাম কৰিব। সন্মিলনখনে সহযোগিতা আৰু চিন্তাধাৰাকেন্দ্ৰিক নেতৃত্বৰ বাবে অনুক...

February 20, 2025 7:57 PM

views 31

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেখা গুপ্তাক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ৰেখা গুপ্তাক অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্রীমোদীয়ে কয়, যে শ্রীমতী গুপ্তা এগৰাকী তৃণমূল পৰ্য্যায়ৰ পৰা উঠি অহা নেতা। কেম্পাছৰ ৰাজনীতি, ৰাজ্যিক সংগঠন আৰু পৌৰ প্ৰশাসনতো তেওঁ সক্ৰিয় আছিল। দিল্লীৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ উন্নয়নৰ বাবে পূৰ্ণ শক্তিৰে কাম কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।প্রধানমন্ত্ৰীয়ে পাৰভেজ বাৰ্মা, আশীষ সুদ, মনজিন্দৰ সিং চিছা, ৰবিন্দৰ ইন্দ্ৰজ সিং, কপিল মিশ্ৰা আৰু পংকজ কু...

February 19, 2025 2:28 PM

views 33

যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঙাইগাঁও জিলাৰ যোগীঘোপাত কালি উদ্বোধন কৰা আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমোদীয়ে এই প্রকল্পক ঐতিহাসিক বুলি অভিহিত কৰি আগলৈ ই আন্তঃগাঁথনি উন্নয়ন তথা আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ বিকাশ আৰু অগ্ৰগতিত যথেষ্ট অৰিহণা যোগাব আশা প্ৰকাশ কৰে। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি যোগীঘোপাত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্য চৰকাৰৰ কে...

February 14, 2025 8:42 PM

views 23

ট্রাম্পে উভয় দেশৰ মাজৰ সম্পৰ্কৰ্ক সর্বাত্মক পর্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত যথেষ্ট আবদান আগবঢ়াইছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ দুদিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ সামৰি ভাৰতলৈ উভতি আহে। এই ভ্ৰমণৰ পূৰ্বে শ্রী মোদীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্রমণ কৰে। যোৱা ১০ ফেব্ৰুৱাৰীত তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। আজি ওভতনি যাত্ৰাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্রধানমন্ত্রীয়ে কয়, যে তেওঁ ট্রাম্পৰ সৈতে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ কৌশলগত সহযোগিতাক আগুৱাই লৈ যাব। তেওঁ কয়, যে শ...

February 11, 2025 9:04 PM

views 19

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে পেৰিছত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সহ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্রিম বুদ্ধিমত্তাৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি ইয়াক বৰ্তমানৰ শতিকাত মানৱ জাতিৰ বাবে কোড লিখাৰ নির্ণায়ক শক্তি বুলি অভিহিত কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ সৈতে পেৰিছত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত সহ অধ্যক্ষতা কৰি শ্রীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে কৃত্রিম বুদ্ধিমত্তা পূৰ্বৰ প্ৰযুক্তিসমূহৰ লেখিয়া নহয় আৰু ইয়াৰ ক্ষেত্ৰত শাসনৰ বাবে গোলকীয় দায়িত্ব আৰু সৰ্বাত্মক দৃষ্টিভংগীৰ প্ৰয়োজন। শ্রীমোদীয়ে স্বাস্থ্য সেৱা, শিক্ষা ...

February 11, 2025 3:16 PM

views 30

বিগত দশকত ভাৰত বিশ্বৰ পঞ্চম অর্থনীতি হিচাপে পৰিগণিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিগত দশকত ভাৰত বিশ্বৰ পঞ্চম অর্থনীতি হিচাপে পৰিগণিত হৈছে। দ্বাৰকাৰ য়শোভূমিত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ ২০২৫ ভার্চুৱেল ব্যৱস্থাৰে আজি উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ কয়, যে দেশৰ সৌৰ শক্তি উৎপাদনৰ ক্ষমতা ৩২ গুণ বৃদ্ধি হৈছে আৰু বৰ্তমান ভাৰত বিশ্বৰ তৃতীয় স্থানৰ সৌৰ শক্তি উৎপাদনকাৰী দেশ হিচাপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, দেশৰ অজৈৱ ইন্ধন শক্তি ক্ষমতাও পূৰ্বৰ তিনিগুণ হৈছে। ভাৰত পেৰিছৰ জি-টুৱেণ্টি সন্মিলনত সম্পাদিত চুক্তিসমূহৰ...

February 10, 2025 7:03 PM

views 23

পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত অসমৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত মানসিক চাপ আৰু উদ্বেগৰ পৰা কেনেদৰে হাত সাৰিব পাৰে সেই বিষয়ত আলোকপাত কৰে। পৰিপুষ্টি আৰু সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে প্ৰয়োজন সাপেক্ষে জিৰণি লোৱাটো প্ৰয়োজন। তেওঁ লগতে শিক্ষার্থীসকলক চাপমুক্ত হৈ থকাৰ বাবেও বিভিন্ন পৰামৰ্শ আগবঢ়ায়। পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত আজি দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অং...

February 10, 2025 5:49 PM

views 18

কাইলৈ পেৰিছত ২০২৫ বৰ্ষৰ ‘কৃত্রিম বুদ্ধিমত্তা সন্মিলন’ত প্রধানমন্ত্ৰী মোদীয়ে সহ অধ্যক্ষতা কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। চাৰিদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হ'বলগীয়া ২০২৫ বৰ্ষৰ কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। তেওঁ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রোৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয় সন্দৰ্ভত আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিব।...