April 11, 2025 6:02 PM April 11, 2025 6:02 PM
8
বাৰানসীৰ মেহদিগঞ্জত ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীৰ মেহদিগঞ্জত আজি ৩,৮৮৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৪৪ টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পথ আন্তঃগাঁথনিৰ বিকাশ, বিদ্যুৎ, শিক্ষা আৰু পৰ্যটন খণ্ডৰ সৈতে জড়িত এই প্রকল্পসমূহৰ জৰিয়তে বাৰাণসীৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছত এখন জনসভাত অংশ লৈ বাৰানসী চহৰৰ দ্ৰুত উন্নয়নৰ বিষয়ত আলোকপাত কৰি কয়, যে কাশী এতিয়া কেৱল এখন প্রাচীন চহৰ হিচাপে পৰিচিত হোৱাই নহয়, বৰং প্ৰগতিৰ উল্লেখনীয় নিদর্শন হিচাপেও পৰিচিত হৈছে। শ্ৰ...