May 22, 2025 12:07 PM

views 20

প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। দুদিনীয়াকৈ হ'বলগীয়া ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ নামৰ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ বিনিয়োগ আৰু ব্যৱসায়িক সম্ভাৱনাসমূহ উপস্থাপন কৰা হ'ব। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ বিষয়ববীয়া, সাংসদ, উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বহুসংখ্যক বিনিয়োগকাৰী উপস্থিত থাকিব। এই সন্মিলনখন ফিক্কি আৰু ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্রালয়ে আয়োজন কৰিছে।

May 21, 2025 8:05 PM

views 27

প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ...

May 20, 2025 9:01 PM

views 21

ভাৰত এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীলঃ প্রধানমন্ত্ৰী

এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ ৭৮ সংখ্যক সত্ৰত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। স্বাস্থ্য প্ৰত্যাহ্বানসমূহে বিশেষকৈ গ্লোৱেল ছাউথ হিচাপে জনাজাত ঔদ্যোগিকৰণ আৰু আৰ্থিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে ভাৰতীয় দৃষ্টিভংগীয়ে এই সমস্যা সমাধান...

May 6, 2025 7:43 AM

views 29

চিবিআইৰ সঞ্চালকক নিযুক্তিৰ বাবে থকা তিনিজনীয়া কমিটীৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত তেওঁৰ কাৰ্যালয়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, চিবিআইৰ সঞ্চালকক নিযুক্তি দিয়াৰ বাবে থকা তিনিজনীয়া কমিটীখনৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত কমিটীখনৰ আন দুগৰাকী সদস্য দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী উপস্থিত থাকে। বৈঠকত সংস্থাৰ পৰৱৰ্তী সঞ্চালকক নিযুক্তি দিয়াৰ বিষয়ে আলোচনা কৰা হয়। চলিত মাহৰ ২৫ তাৰিখে সংস্থাৰ বৰ্তমানৰ সঞ্চালক প্রবীন ছুডৰ দুবছৰীয়া কাৰ্যকালৰ অন্ত পৰিব উল্লেখযোগ্য যে প্রধানমন্ত্ৰীৰ নেতৃত্বত দ...

May 5, 2025 4:53 PM

views 16

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰৰ

প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰে। ইতিমধ্যে তিনিওটা বাহিনীৰ মুৰব্বীকেইগৰাকীৰ সৈতে সুকীয়াকৈ আলোচনা কৰাৰ পাছত আজিৰ বৈঠকত প্রধানমন্ত্ৰীগৰাকীয়ে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিৰক্ষা সচিবগৰাকীৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় লৈ আলোচনা কৰে।

May 2, 2025 3:47 PM

views 35

কেৰালাৰ ৱিঝিঞ্জামত আন্তঃৰাষ্ট্ৰীয় বহুমুখী বন্দৰটো ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা প্ৰধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱিঝিঞ্জামত গভীৰ সমুদ্ৰত জাহাজ চলাচলৰ বাবে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় বহুমুখী বন্দৰটো ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রীয়ে, এই বন্দৰটোক দেশৰ সামুদ্রিক পথৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ জৰিয়তে দেশৰ অৰ্থনৈতিক স্থিৰতাৰ প্ৰতি উল্লেখনীয় বৰঙণি আগবঢ়োৱাৰ লগতে কেৰালা তথা সমগ্ৰ দেশৰ উপকাৰ সাধন হ'ব বুলি মত প্ৰকাশ কৰি এই বন্দৰটোক তেওঁ নতুন যুগৰ উন্নয়নৰ উল্লেখনীয় আৰ্হি হি...

April 26, 2025 7:59 PM

views 28

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটী কৰ ভৱনত আয়োজিত নিযুক্তি মেলাৰ কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি প্ৰায় ২০০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰে। তেওঁ সকলো নৱ নিযুক্ত প্ৰাৰ্থীক দেশৰ সেৱ...

April 26, 2025 6:57 PM

views 33

পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাধিস্থ কৰিবলগীয়া পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে সমাজৰ প্ৰতি আগবঢ়াই যোৱা সেৱাৰ বাবে পোপ ফ্রান্সিছক সমগ্ৰ বিশ্বই মনত ৰাখিব। ভাৰতবাসীৰ হৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পোপ ফ্রান্সিছক ভেটিকান চিটিত শ্রদ্ধাঞ্জলি জনাব বুলিও প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে।

April 23, 2025 8:43 PM

views 17

প্রধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত জম্মু কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। সামাজিক মাধ্যমৰ এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে জনাইছে যে, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই দুখৰ সময়ত তেঁও ভাৰতৰ লোকসকলৰ সৈতে সহমর্মিতা প্রকাশ কৰিছে। প্রধানমন্ত্ৰী আলবানিজে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনৰ প্ৰতি পূৰ্ণ সমর্থন...

April 21, 2025 3:11 PM

views 51

বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে। তেওঁ কয় যে প্ৰতিটো পৰিয়ালক বিশুদ্ধ পানী যোগান, প্ৰতিটো শিশুৰ বাবে মানসম্পন্ন শিক্ষাৰ ব্যৱস্থা, প্ৰতিগৰাকী উদ্যোগীক বিত্তীয় সাহায্য প্ৰদান আৰু প্ৰতিখন গাঁৱক ডিজিটেল অর্থনীতিৰে লাভান্বিত কৰাই হৈছে সামগ্ৰিক বিকাশৰ অৰ্থ। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। প্রধানমন...