May 22, 2025 3:14 PM May 22, 2025 3:14 PM
19
আজি অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলিৰ লগতে বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণি
অপাৰেচন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে পাকিস্তানক ইয়াৰ দুষ্কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। ৰাজস্থানৰ বিকানেৰত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ এইদৰে কয়। অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলি আৰু বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণিৰ সৈতে সংগতি ৰাখি এই জনসভাখনৰ আয়োজন কৰা হয়। জনসভাত দিয়া ভাষণত চৰকাৰে সশস্ত্র বাহিনীসমূহক অভিযানৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰা বুলি উল্লেখ ...