June 10, 2024 12:04 PM

views 16

দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ, নতুন মন্ত্ৰীসভাত ৭১গৰাকীক অন্তৰ্ভুক্ত

এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁক শপতবাক্য পাঠ কৰোৱায়। নতুন কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীসকলেও কাৰ্যালয় আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰে। কালি ৩০ গৰাকী কেবিনেট মন্ত্ৰী, ৫ গৰাকী ৰাজ্যমন্ত্ৰীকে ধৰি আন ৩৬ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, ড° এছ জয়শংকৰ, পীযূষ গোৱেল, ধর্মেন্দ্র প্রধান, নিৰ্মলা সীতাৰমণ ...