June 13, 2024 12:11 PM June 13, 2024 12:11 PM
11
কুৱেইটত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা সভা, সাহায্য ঘোষণা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কুৱেইটৰ মাংগাফ অঞ্চলত শ্রমিক বাস কৰা এটা ভৱনত কালি সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত প্ৰায় ৪০জন ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হোৱা ঘটনা সন্দৰ্ভত তেওঁৰ নতুন দিল্লীৰ বাসগৃহত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰধানমন্ত্রীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশুআৰোগ্য কামনা কৰে। প্রধানমন্ত্রীয়ে বৈঠকত বিদেশ ৰাজ্যমন্ত্রী কীর্তি ৱর্ধন সিঙক জৰুৰীভাৱে কুৱেইটলৈ গৈ সাহায্য ব্যৱস্থাৰ তদাৰক কৰিব...