October 30, 2026 7:23 PM

views 26

অসমৰ ১৮ লাখতকৈও অধিক কৃষকৰ ‘কিষাণ সম্মান নিধি আঁচনি’ৰ অধীনত কেন্দ্ৰীয় আঁচনিৰ আর্থিক সকাহ লাভ

দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ শ্ৰীমোদীয়ে আজি বনাসকাঠাত প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ১৯ হাজাৰ কোটি টকাৰ ২৪ সংখ্যক কিস্তি মুকলি কৰে। অসমৰো ১৮ লাখতকৈও অধিক কৃষকে এই কেন্দ্ৰীয় আঁচনিৰ আর্থিক সকাহ লাভ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী মোদীয়ে কয়, যে কৃষকসকল দেশৰ অৰ্থনীতিৰ আটাইতকৈ শক্তিশালী স্তম্ভ আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ কল্যাণত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। ২০১৩-১৪ৰ তুলনাত সম্প্ৰতি কৃষি খণ্ডৰ বাজেট ৫ গুণ অধিক হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মত ...

October 29, 2026 8:21 PM

views 3

অহা ২ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্রধানমন্ত্রী মোদীয়ে ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰিব। এই সন্মিলন হৈছে সমগ্ৰ বিশ্বৰ নৱীকৰণযোগ্য শক্তি পৰিবেশতন্ত্ৰত বিনিয়োগ, উদ্ভাৱন আৰু সহযোগিতাৰ বিকাশৰ বাবে উৎসর্গিত আন্তঃৰাষ্ট্ৰীয় মঞ্চ। এই সন্দৰ্ভত নতুন দিল্লীৰ এখন সংবাদমেলত নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সচিব সন্তোষ কুমাৰ সাৰাংগিয়ে কয়, যে চাৰিদিনীয়াকৈ হ'বলগীয়া এই সন্মিলনৰ জৰিয়তে চৰকাৰ, নীতি-নিৰ্ধাৰক, বিনিয়োগকাৰী, উদ্ভাৱক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান...

October 29, 2026 8:12 PM

views 2

কাইলৈৰ পৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰিব। ভ্ৰমণকালত প্রধানমন্ত্রীয়ে বনাসকাঠাত ১৪ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰ'ৰ দ্বিতীয় পৰ্য্যায়ৰ বিমান বন্দৰ সম্প্ৰসাৰণ আৰু গিফট চিটীৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে কিষাণ সম্মান নিধি আঁচনিৰ অধীনত ১৯ হাজাৰ কোটি টকাৰ ২৪ সংখ্যক কিস্তিও মুকলি কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে বনাসকাণ্ঠাৰ ভ্ৰূণ স্থানান্তৰ প্ৰযুক্তি...

October 28, 2026 8:24 PM

views 1

অহা ২ নৱেম্বৰত প্রধানমন্ত্ৰী মোদীয়ে ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু এক্সপ’ উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত নৱীকৰণযোগ্য শক্তি সন্মিলন আৰু এক্সপ’ উদ্বোধন কৰিব। এই সন্মিলন হৈছে সমগ্ৰ বিশ্ব নৱীকৰণযোগ্য শক্তি পৰিবেশত ত বিনিয়োগ, উদ্ভাৱন আৰু সহযোগিতা উন্নতিৰ বাবে উৎসর্গিত এক আন্তঃৰাষ্ট্ৰীয় মঞ্চ। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সচিব সন্তোষ কুমাৰ সাৰাংগিয়ে কয়, যে চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত চৰকাৰ, নীতি-নিৰ্ধাৰক, বিনিয়োগকাৰী, উদ্ভাৱক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি ...

October 24, 2026 3:13 PM

views 5

ভাৰত-তিব্বত সীমান্ত আৰক্ষী ITBP-ৰ আজি প্ৰতিষ্ঠা দিৱস

ভাৰত-তিব্বত সীমান্ত আৰক্ষী ITBP-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰতিষ্ঠা দিৱস উপলক্ষে ITBP-ৰ জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাই কয়, যে দেশৰ সীমান্তৰ কেতবোৰ অতি প্ৰত্যাহ্বানপূর্ণ অঞ্চল তথা অতি প্রতিকুল পৰিস্থিতিত সেৱা আগবঢ়াই অহা সাহসী হিমবীৰসকল সাহস, নিয়মানুৱৰ্তিতা আৰু অদম্য দৃঢ়তাৰ উদাহৰণ। তেওঁ লগতে কয়, যে দেশৰ সী...

October 23, 2026 6:15 PM

views 12

চৰকাৰৰ প্ৰতিটো নীতি আৰু প্ৰতিটো কাৰ্যব্যৱস্থাৰ সময়ত যুৱসমাজে সদায়েই কেন্দ্ৰবিন্দুত অৱস্থান গ্ৰহণ কৰি আহিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰৰ প্ৰতিটো নীতি আৰু প্ৰতিটো কাৰ্যব্যৱস্থাৰ সময়ত যুৱসমাজে সদায়েই কেন্দ্ৰবিন্দুত অৱস্থান গ্ৰহণ কৰি আহিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত চিন্ময় অমৃত মহোৎসৱ গোলকীয় সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি শ্ৰীমোদীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বিগত ২৫ বছৰত চৰকাৰৰ মুৰব্বী হিচাপে তেওঁ নিজৰ সম্পূৰ্ণ সামর্থৰে দেশৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। প্রধানমন্ত্রীয়ে লগতে কয়, যে পূৰ্বে ভাৰতৰ পৰা চুৰি কৰি নিয়া মূর্তিকে ধৰি ৬৫০ বিধ পৌৰাণিক সামগ্ৰী চৰকাৰে ব...

October 13, 2026 2:46 PM

views 18

কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছেঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্রই নিজৰ শাসন পদ্ধতি আৰু কৰ্ম সংস্কৃতিত সৱলীকৰণ শক্তিৰ নীতিক মূৰ্ত কৰি তুলিছে। নতুন দিল্লীত অনুষ্ঠিত ব্লুমবার্গ নিউ ইকনমি ফ'ৰামত ভাষণ দি মোদীয়ে কয় যে ভাৰতৰ অগ্ৰগতি সমগ্ৰিক বিকাশ আৰু ভাগ-বতৰা কৰা সুযোগৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ কয়, ক্ষমতা কেৱল আগবাঢ়ি যোৱাৰ সামৰ্থই নহয়, ই আনক শক্তিশালী কৰাৰো সামৰ্থ্য আছে। তেওঁ কয় যে বর্তমান যুগত ডিজিটেল শক্তি এই ৰূপান্তৰৰ অন্যতম মূল চালিকা হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু এই দৃষ্টিভংগীক আগুৱাই নিয়াত উল্লেখযোগ্য ভূমিকা পালন...

October 7, 2026 5:44 PM

views 8

‘‘জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ মোৰ শক্তিৰ উৎস’’-প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ আস্থা আৰু লাখ লাখ দলীয় কৰ্মীৰ সমৰ্পণ তেওঁৰ শক্তিৰ উৎস বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিকশিত ভাৰত সংকল্প সভাত ভাষণ দি শ্রী মোদীয়ে কয়, যে তেওঁ আজি পুৱা শ্ৰী বিনায়ক মন্দিৰ দৰ্শন কৰি দেশ তথা ১৪০ কোটি নাগৰিকৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে অতি নিষ্ঠাৰে নিৰন্তৰ জনসাধাৰণৰ বাবে সেৱা কৰি যাব পৰাকৈ ভগৱানক বল আৰু শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা জনায়। প্রধানমন্ত্রীয়ে কয়, যে বিগত ২৫ বছৰত লাভ কৰা জনসাধাৰণৰ আস্থা আৰু এই সময়ছোৱাত লাভ কৰা অভিজ্ঞতা হৈছে বৃহৎ সম্প...

October 6, 2026 8:01 PM

views 12

দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী মোদীৰ ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি প্ৰচাৰ কৰি অহা আমাৰ প্ৰতিবেদনত আজি ইউ পি আই ব্যৱস্থাৰ জৰিয়তে প্রধানমন্ত্ৰী...

October 5, 2026 2:19 PM

views 12

দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈছে। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সংযোগকে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত-বিনিময় কৰিব। ৰাষ্ট্ৰপতি পামেলিন শীর্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে আজি পুৱা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। পথ পৰিবহণ ...