December 4, 2025 6:21 PM

views 24

আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস উপলক্ষে বন্যপ্রাণী প্রেমী লোক আৰু চিতা বাঘ সুৰক্ষাৰ বাবে কাম কৰা সংৰক্ষণবিদ সকললৈ প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় চিতা দিৱস উপলক্ষে বন্যপ্রাণী প্রেমী লোক আৰু চিতা বাঘ সুৰক্ষাৰ বাবে কাম কৰা সংৰক্ষণবিদ সকললৈ শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রী মোদীয়ে চিতা বাঘক পৃথিৱীৰ এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰাণী বুলি উল্লেখ কৰাৰ লগতে ৩ বছৰ পূৰ্বে আৰম্ভ কৰা চিতা প্ৰকল্পৰ সফলতাৰ কথা সুৱৰে। তেওঁ কয় যে প্ৰকৃতিৰ এই সুন্দৰ প্ৰাণীবিধৰ সুৰক্ষা তথা ইয়াৰ উপযোগী পৰিস্থিতি তন্ত্ৰৰ পুনৰূদ্ধাৰৰ লক্ষ্যৰে চিতা প্ৰকল্প আৰম্ভ কৰা হৈছিল। তেওঁ লগতে কয় যে হেৰাই যোৱা এনে ...

February 20, 2025 8:13 PM

views 31

দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এন ডি এৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু জে পি নড্ডাও এই বৈঠকত উপস্থিত থাকে। বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিচ তথা উপ-মুখ্যমন্ত্রীদ্বয় একনাথ সিন্দে আৰু অজিত পাৱাৰ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু তথা উপ-মুখ্যমন্ত্রী পৱন কল্যাণ, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, মধ্য প্ৰদেশৰ মুখ্যমন্ত্রী মোহন য়াদৱ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, দিল্লীৰ...

November 16, 2024 8:13 PM

views 17

৫ দিনীয়া ভ্ৰমণসূচীৰে নাইজেৰিয়া, ব্ৰাজিল আৰু গায়ানালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নাইজেৰিয়া, ব্রাজিল আৰু গায়ানাৰ পাঁচ দিনীয়া ভ্রমণসূচীৰে ৰাওনা হয়। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্রধানমন্ত্রীয়ে কয়, যে এয়া তেওঁৰ পশ্চিম আফ্ৰিকাত ভাৰতৰ ঘনিষ্ঠ সহযোগী নাইজেৰিয়াৰ প্ৰথম ভ্ৰমণ হ'ব। তেওঁ কয়, যে এই ভ্রমণে গণতন্ত্ৰ আৰু বহুত্ববাদৰ পাৰস্পৰিক বিশ্বাস আধাৰত দেশখনৰ সৈতে কৌশলগত সহযোগিতা গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিব। তেওঁ লগতে নাইজেৰিয়াত বাস কৰা ভাৰতীয় মূলৰ লোক আৰু নাইজেৰিয়া জনসাধাৰণো সাক্ষাৎ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। নাইজেৰিয়াৰ একাংশ জনসাধাৰণে...

October 26, 2024 9:16 PM

views 17

সোমবাৰে প্রধানমন্ত্ৰী মোদীৰ গুজৰাট ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ গুজৰাট ভ্ৰমণ কৰিব। তেওঁ এই ভ্রমণকালত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ'ছানছেছৰ সৈতে টাটা এডভান্সড চিষ্টেম লিমিটেড কেম্পাছত চি - ২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰ ক্রাফ্‌ট কমপ্লেক্স উদ্বোধন কৰিব। ইয়াৰ লগতে প্রধানমন্ত্রী মোদীয়ে ভাৰত মাতা সৰোবৰ উদ্বোধন কৰাৰ লগতে আমৰেলীত প্ৰায় ৪ হাজাৰ ৯০০ কোটি টকা ব্যয়সাপেক্ষ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে এই প্রকল্পসমূহে আমৰেলী, জামনগৰ, মৰ্...

October 7, 2024 2:24 PM

views 12

ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অভিনন্দন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী শ্বাহে কয় যে, শ্ৰী মোদীৰ এই দীঘলীয়া যাত্ৰা ৰাজহুৱা জীৱনত থকা সকলোৰে বাবে জীৱন্ত প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ এই দীঘলীয়া যাত্ৰা একাগ্ৰতা আৰু উৎসৰ্গাৰ প্রতীক। শ্রীমোদীয়ে তেওঁৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ স্বাৰ্থ তথা জনসাধাৰণৰ কল্যাণৰ হকে উৎসৰ্গা কৰিছে ...

September 13, 2024 5:51 PM

views 13

বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত দ্বিতীয় অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত সর্বসম্মতিক্রমে এই ঘোষণাপত্র গ্ৰহণ কৰা হয়। এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলসমূহৰ অসামৰিক বিমান পৰিবহণ ক্ষেত্ৰসমূহত আঞ্চলিক সহযোগিতাৰ লগতে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিমান পৰিবহণ খণ্ডৰ স্থায়ী বিকাশৰ উদ্দেশ্যে এই ঘোষণাপত্ৰৰ ৰূপৰেখা প্ৰস্তুত কৰা হ...