August 21, 2025 8:17 PM

views 16

মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‍ইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিন্টু শৰ্মাক মৃত্যু দণ্ডৰে দণ্ডিত

ধেমাজিৰ জিলা আৰু ছেছন আদালতে আজি মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‍ইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিন্টু শৰ্মাক মৃত্যু দণ্ডৰে দণ্ডিত কৰে। মুঠ ৪১ জন লোকৰ সাক্ষ্যৰ ভিত্তিত ৪ বছৰজোৰা বিচাৰৰ অন্তত জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শ‍ইকীয়াই কালি অভিযুক্ত ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰে। আজি আদালতে দোষীৰ শাস্তি ঘোষণা কৰে। উল্লেখযোগ্য যে ৰিণ্টু শৰ্মাই ২০২১ চনৰ ২১ আগষ্টত পৰিকল্পিতভাৱে নন্দিতা শ‍ইকীয়াক আক্ৰমণ কৰিছিল। পৰৱৰ্তী সময়ত ধেমাজি আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত ৰিন্টু শৰ্মাৰ বিৰুদ্ধে ৪০০ পৃষ্ঠাজোৰা...