January 2, 2025 8:10 PM
8
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহৰ সংখ্যা বৃদ্ধি
ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণৰ বাবে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত যোৱা বছৰৰ পৰা গ্ৰহণ কৰা বিশেষ প্ৰকল্পৰ ফলত উদ্যানখনত দেওহাঁহৰ সংখ্যা বৃদ্ধি পাইছে। দুষ্প্ৰাপ্য প্ৰজাতিৰ এই পক্ষীবিধ পূর্বে বিহালী সংৰক্ষিত বনাঞ্চল, ডুমডুমা, ডিব্ৰু-চৈখোৱা, দিহিং-পাটকাইকে ধৰি কেইবাখনো বনাঞ্চলত পোৱা গৈছিল যদিও পৰৱৰ্তী সময়ত অন্য বনাঞ্চলসমূহত দেওহাঁহৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ পৰে। দিহিং পাটকাই আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানতহে এই দুষ্প্রাপ্য প্ৰজাতিৰ পক্ষীবিধ বৰ্তি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যোৱাবছৰ নামেৰিত এই প্ৰকল্প আ...