September 2, 2024 7:53 PM

views 22

ৰাজ্যজুৰি হৃদ ৰোগ আৰু ৰক্তজনিত ৰোগত আক্ৰান্ত শিশুৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত

হৃদ ৰোগ আৰু ৰক্তজনিত ৰোগত আক্ৰান্ত শিশুৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা শিবিৰ আজিৰেপৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত জিলাই জিলাই এই ব্যৱস্থা লোৱা হৈছে। নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো এই শিবিৰ মুকলি কৰা হৈছে। নলবাৰীত আজি হৃদৰোগ, থেলাছেমিয়া আৰু কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে ডেৰ শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । বাক্সা আৰু নলবাৰী জিলাৰ জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে এই শিবিৰ মুকলি কৰি ৰোগ চিনাক্তকৰণৰ পাছত পৰ্যায়ক্রমে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা ...

May 9, 2024 8:58 PM

views 24

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন

নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয়খনে পৰৱৰ্ত্তী সময়ত এইমছৰ সৈতে মিলিত হৈ শৈক্ষিক আৰু কাৰিকৰী দিশত সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইমছৰ কার্যবাহী স...