June 3, 2024 8:08 PM

views 21

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত মেলেৰিয়া প্ৰতিৰোধ মাহৰ কাৰ্যসূচী শুভাৰম্ভ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত আজি জিলাখনৰ মৰোৱাৰ আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেলেৰিয়া প্ৰতিৰোধ মাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। সমগ্ৰ ৰাজ্যজুৰি ১ জুনৰ পৰা ৩০ জুনলৈ মেলেৰিয়া প্ৰতিৰোধ মাহ পালন কৰা হৈছে। নলবাৰীৰ জিলা স্বাস্থ্য বিভাগে মেলেৰিয়াৰ লগতে ডেংগি, জাপানীজ এনকেফেলাইটিছ, ফাইলেৰিয়া আদিৰ ৰোগৰ লক্ষণ প্ৰতিকাৰ আৰু সাৱধানতা সম্পর্কত জন সজাগতা কার্যসূচী অব্যাহত ৰাখিছে। আজিৰ কাৰ্যসূচীত অংশ লৈ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কৈলাশ ডেকাই কয় যে উপযুক্ত পৰিকল্পনা, ব্যৱ...