October 9, 2025 9:05 PM

views 15

নলবাৰীত কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঝিৰ

কেন্দ্ৰীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জিতন ৰাম মাঝিয়ে আজি নলবাৰী জিলাত কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো ধ্বজাবাহী আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিসমূহ ৰূপায়ণৰ বুজ লয়। এই বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত গর্ডন খেলপথাৰৰ সমীপৰ উত্তৰ কামৰূপ ষ্টেডিয়ামত ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মেলাৰ শুভাৰম্ভ কৰাৰ লগতে ক্ষুদ্র উদ্যোগীসকলৰ সৈতে মত-বিনিম...