December 17, 2024 8:25 PM

views 13

আজিৰে পৰা নগাঁও গ্ৰন্থমেলা আৰম্ভ

নগাঁও চহৰৰ নেহৰুৱালিত আজিৰে পৰা নগাঁও গ্ৰন্থমেলা আৰম্ভ হৈছে। বিশিষ্ট সাহিত্যিক অৰুপ কুমাৰ দত্তই উদ্বোধন কৰা গ্ৰন্থমেলাখনৰ উদ্বোধনী অনুষ্ঠানত সাহিত্যিক তিলক মজুমদাৰ, শিৱানন্দ কাকতি, ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অহা ২৫ ডিচেম্বৰত এই গ্ৰন্থমেলাৰ সামৰণি পৰিব।