December 21, 2025 7:20 PM December 21, 2025 7:20 PM
2
বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ উপেন্দ্ৰ বৰকটকী আৰু ড° জ্যোতিময় জানা আৰু শংকৰী সংস্কৃতিৰ সাধক তিলক চন্দ্র মজুমদাৰক মৰণোত্তৰভাৱে সাহিত্য ৰত্ন উপাধি প্ৰদান
নগাঁও ছোৱালী মহাবিদ্যালয়ত আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ উপেন্দ্ৰ বৰকটকী আৰু ড° জ্যোতিৰ্ময় জানা আৰু শংকৰী সংস্কৃতিৰ সাধক তিলক চন্দ্র মজুমদাৰক মৰণোত্তৰভাৱে সাহিত্য ৰত্ন উপাধি প্ৰদান কৰা হয় ৷ ইয়াৰ লগতে বিশিষ্ট শিক্ষাবিদ ড° স্বাধীনতা মহন্তক কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মৃণাল কুমাৰ বৰুৱাই প্ৰমূল্যৰ উত্তৰণ আৰু মানৱ সমাজৰ ভৱিষ্যত শীৰ্ষক সুৰেন্দ্ৰ নাথ কাকতি স্মাৰক বক্তৃতা প্রদান কৰে।