December 24, 2024 8:23 PM

views 11

নগাঁৱত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ভগীৰথ চৌধুৰীৰ পর্যালোচনা বৈঠক

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যমন্ত্রী ভগীৰথ চৌধুৰীয়ে আজি নগাঁও জিলাত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত কৃষক আৰু কৃষি ভূমিৰ লগতে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰি জৈৱিক পদ্ধতিৰে খেতি কৰাত গুৰুত্ব আৰোপ কৰে৷ অসমত খেতিৰ বাবে পৰ্যাপ্ত পানী আছে আৰু সেই বাবে বছৰত অন্ততঃ তিনিবাৰকৈ...