February 21, 2025 12:20 PM

views 12

নগাঁৱৰ ৰূপহীহাটত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তৰ আক্ৰমণ

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন কালি নগাঁও জিলাৰ ৰূপহীহাটত আক্ৰমণৰ সন্মুখীন হয়। মুখত কাপোৰ বান্ধি অহা একাংশ লোকে সাংসদ হুছেইন আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইনক আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দলটোৱে চামগুৰিৰ ছাইদৰিয়াৰ গুণাবাৰীত অনুষ্ঠিত কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত ৰূপহীহাটৰ নতুন বজাৰত সাংসদগৰাকীৰ স্কুটিখন আগভেটি ধৰে আৰু ৰকিবুল হুছেইন গ' বেক ধ্বনি দিয়ে। দুৰ্বৃত্তৰ দলটোৱে সাংসদ হুছেইন আৰু তেওঁৰ পুত্ৰক বাহনৰ পৰা টনা-আঁজোৰা কৰি নমাই আনে। দলটোৰ টনা-আঁজোৰাত সাংসদ হুছেইন পথৰ ওপৰত স্কুটিৰ প...