June 27, 2024 6:49 PM

views 39

নগাঁৱত অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে বিভিন্ন ৰাজ্যৰ লগতে অসমৰ নগাঁৱতো অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত অনুষ্ঠিত হ’ব। ৬ দিনীয়াকৈ আয়োজন কৰা বিশেষ লোক আদালতত দ্রুত আপোচ আৰু বিবাদ নিষ্পত্তি, চূড়ান্ত আৰু কাৰ্যকৰী নিষ্পত্তি, কম খৰচত বিবাদ নিষ্পত্তি, আদালতৰ মাচুল ঘূৰাই দিয়া আদি বিষয়সমূহত গুৰুত্ব দিয়া হ’ব। এই সন্দৰ্ভত সবিশেষ তথ্য উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত উপলভ্য কৰা হ'ব।

April 29, 2024 8:16 PM

views 40

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ১১ মে’ত ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১১ মে'ৰ দিনৰ ১১ বজাৰ পৰা নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। নগাঁও ন্যায়িক আদালত ভৱনত আয়োজিত এই কাৰ্যসূচীত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ উপৰি বেংক ঋণ আদি গোচৰো নিষ্পত্তি কৰা হ'ব। তদুপৰি টেলিফোন বিল, বিদ্যুৎ মাচুল আদি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰো ব্যৱস্থা কৰা হ'ব। ৰাইজৰ সুবিধার্থে এই গোচৰ সমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা কৰা হৈছে।