November 22, 2024 12:08 PM November 22, 2024 12:08 PM
5
নগাঁৱৰ কলিয়াবৰত শিলগুটি দলিয়াই এটা বাঘ আহত কৰা ঘটনাত জড়িত ৯জন লোকক আটক
নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰি-কামাখ্যা গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা কালি পিঞ্জৰাবদ্ধ কৰা বাঘটোক কলং নৈৰ পাৰত আশ্ৰয় লৈ থকা অৱস্থাত শিলগুটি দলিয়াই আহত কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যোৱানিশা ৯ জন লোকক আটক কৰে। ঘটনাটোৰ ভিডিঅ' ফুটেজৰ আধাৰত চিনাক্ত কৰা এনে একাংশ লোকৰ বাসগৃহত কালি আৰক্ষীয়ে অভিযান চলায়। বাঘটোক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে চিনাক্ত কৰা লোককেইজন হ'ল- জয়ন্ত সেন, বাহাদুৰ ছাহানী, সন্তোষ গৌৰ, দুৰ্গা গোড়, নিখিল ছাহানী, ভোলা ছাহানী আৰু নৰেশ ছাহানী। এই আটাইকেইজন লোকেই জখলা...