August 30, 2025 10:36 PM

views 17

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক নিলম্বন

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞাক আজি তৎকালীন ভাৱে বলবৎ হোৱাকৈ ৰাজ্য চৰকাৰে নিলম্বন কৰে। উল্লেখযোগ্য যে-কাৰাগাঁৰ গৰাকীৰ অধীক্ষকৰ ছত্ৰচায়াতে কাৰাগাৰ খনত বিগত সময়খিনিত কেতবোৰ অবৈধ কৰ্মকাণ্ড চলি আছিল। কালি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কেন্দ্ৰীয় কাৰাগাৰ খন আকস্মিকভাৱে পৰিদৰ্শন কৰি কেতবোৰ অনিয়মৰ ঘটনা পোহৰলৈ আনে। তদুপৰি এই অনিয়মৰ ঘটনা লগত জড়িত থকাৰ অপৰাধত নগাঁও আৰক্ষীয়ে আজি কাৰাগাৰ খনৰ দুজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।