March 27, 2025 8:10 PM

views 11

নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত কুমাৰ ভাগৱতীৰ কন্যাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

অসম ৰাজ্যিক মানৱাধিকাৰ আয়োগে চিকিৎসালয়ৰ গাফিলতিত নিজ কন্যাৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিত কুমাৰ ভাগৱতীয়ে দাখিল কৰা এটা অভিযোগ সংক্ৰান্তত নগাঁৱৰ জিলা আয়ুক্তক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলোৱাৰ নিৰ্দেশ দিছে। ২০২৪ চনৰ ১৬ ডিচেম্বৰত তেওঁৰ কন্যা অংগনা ভৰদ্বাজৰ নগাঁৱৰ কপিলী হাস্পতাল আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গাফিলতিত অকালতে মৃত্যু মুখত পৰা ঘটনা সংক্ৰান্তত অধ্যাপক ভাগৱতীয়ে যোৱা ১৮ ফেব্ৰুৱাৰীত অসম মানৱাধিকাৰ আয়োগত গোচৰ তৰিছিল ৷