August 24, 2025 8:40 PM

views 10

নগাঁৱৰ বৰকোলাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত শ্ৰী গুৰুগ্ৰন্থ চাহেবজীৰ ৪২১সংখ্যক প্ৰথম প্ৰকাশ দিৱস উদযাপন

নগাঁও জিলাৰ কলং আৰু হাৰিয়াপাৰৰ শিখ বসতিপ্ৰধান বৰকোলাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত আজি শ্ৰী গুৰুগ্ৰন্থ চাহেবজীৰ ৪২১ সংখ্যক প্ৰথম প্ৰকাশ দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি বৰকোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙে শিশু সাহিত্যিক উত্তম সিঙৰ পাগুৰী নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ সাংবাদিক দেৱজিৎ হাজৰিকাই অসমত বাস কৰা শিখসকলৰ অসমীয়া সমাজ জীৱনলৈ অৱদান সন্দৰ্ভত আলোকপাত কৰে। আজি গুৰুদ্বাৰ প্ৰাংগণত শিখ ধর্মীয় কীৰ্তন আৰু ধৰ্মীয় গীত পৰিৱেশন কৰা...