June 9, 2025 12:07 PM

views 16

নগাঁৱৰ কলিয়াবৰ-তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত দুজন

নগাঁও জিলাৰ কলিয়াবৰ-তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়। কলিয়াবৰৰ উলুৱনী থানাৰ হাতীবন্ধাৰ সমীপৰ দলাপানীত তীব্ৰবেগী ট্রাক আক মটৰচাইকেলৰ মাজত খুন্দা লগাৰ ফলত মটৰচাইকেল আৰোহী দুজন থিতাতে নিহত হয়। নিহত লোক দুজন ৰূপহীহাট থানাৰ অন্তৰ্গত আনাৰুল হক আৰু আছিকুল ইছলাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনা সংঘটিত কৰি ট্রাকখন পলায়ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।