January 24, 2026 8:28 PM
4
নগাঁৱৰ সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ দেহাৱসান
নগাঁৱৰ খুটিকটিয়া নিৱাসী সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।
খেলা অডিঅ' দুপৰীয়াৰ খবৰ
January 24, 2026 8:28 PM
4
নগাঁৱৰ খুটিকটিয়া নিৱাসী সৰবৰহী সামাজিক ব্যক্তি নিৰ্মল চন্দ্ৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।
December 29, 2025 11:44 AM
14
নগাঁও জিলাৰ কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেল-পথাৰত অহা ২ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী তথা ত্রিংশতিতম দ্বিবার্ষিক অধিৱেশনৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়াই প্ৰকাশ কৰা মতে এই সমাৰোহত আলোচনাচক্র, কবি সন্মিলন, প্রতিনিধি সভা আৰু মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে এহেজাৰ ১১১ খন অনলাইন গ্ৰন্থ উন্মোচন কৰা হ'ব। লেখিকা সমাৰোহ সমিতিৰ স্বর্ণজয়ন্তী উপলক্ষে নাট্যকাৰ- পৰিচালক তথা আকাশবাণী গুৱাহাটী কেন্দ...
December 4, 2025 6:58 PM
16
নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক ১৫ দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি গৈছে। কালি ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে ...
December 1, 2025 6:50 PM
11
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুযায়ী আজি নগাঁও জিলাৰ বেবেজিয়াত জলচ্ছেদ মহোৎসৱ অনুষ্ঠিত হয়। ভূমি সংৰক্ষণ বিভাগৰ নগাঁও সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই মহোৎসৱত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থাকে। আজিৰ কাৰ্যসূচীত ৰাজ্যৰ ২৪খন জিলাৰ ৩১টা জলচ্ছেদ প্রকল্প নিৰ্মাণ কাৰ্যৰ ভার্চুৱেলি শুভাৰম্ভ কৰা হয়। ইয়াৰ লগতে ইতিপূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা ৮৬টা প্ৰকল্প আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। ইয়াৰ উপৰি এই অনুষ্ঠানতে প্রধানমন্ত্ৰীৰ কৃষি সিঞ্চাই যোজনা আঁচনি ৰূপায়ণত উন্নত প্ৰদৰ্শন দাঙি ধৰা কোক...
November 17, 2025 6:45 PM
23
নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদ মেলযোগে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ৫,৯০০ বিঘাৰো অধিক ভূমি দখল হৈ আছিল। তেওঁ কয় যে এই লোকসকলক পর্যাপ্ত সময় দিয়া হৈছে আৰু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত দখলমুক্ত নকৰিলে প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হ'ব।
August 28, 2025 8:28 PM
24
নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ'ব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি নাৱেৰে কলঙৰ অবৈধভাৱে দখল কৰা অঞ্চল পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অবৈধভাৱে দখল কৰা অঞ্চলসমূহ নিৰ্দিষ্ট সময়ত খালী নকৰিলে বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কলঙৰ মাটি ম্যাদী কৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰি জিলা আয়ুক্তগৰাকীয়ে নৈখন প্ৰদূষিত কৰাসকলক সকিয়াই দিয়ে। আয়ুক্তগৰাকীয়ে শৌচালয়ৰ টেংকি আঁতৰাই নিনিলে এনে লোক গ্ৰেপ্তাৰ পৰ্যন্ত হ'ব পাৰে বুলি মন্তব্য কৰে।
August 19, 2025 8:16 PM
22
নগাঁৱৰ দখলীকৃত ভূমিত শীঘ্ৰে উচ্ছেদ অভিযান চলিব বুলি জিলাখনত অভিভাৱক মন্ত্রী কৃষ্ণেন্দু পালে ঘোষণা কৰিছে। জিলাখনত ১৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ'ব বুলি ইতিমধ্যে জাননী জাৰি কৰা হৈছে । আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। জিলাখনত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লৈ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰ সদায় তৎপৰ বুলি অভিহিত কৰে ।
August 4, 2025 8:08 PM
29
নগাঁও জিলাৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ ২১ বছৰীয়া ছনায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।
June 2, 2025 7:58 PM
9
নগাঁও জিলা প্রশাসনে বানৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ ১১৫ খন বিদ্যালয় স্বাভাৱিক অৱস্থা ঘূৰি নহা পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। জিলাখনত সাম্প্রতিক বানত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি ভালেসংখ্যক বিদ্যালয় বানত বুৰ যোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্র-ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে।
April 25, 2025 8:47 PM
27
নৰৱে’ৰ ৰাষ্ট্রদূত মে’ এলিন ষ্টেনাৰ আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰদেশ সঞ্চালক এলিজাবেথ ফওৰেৰ সৈতে এটা প্রতিনিধি দলে আজি নগাঁও জিলাত বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাৰ্যসূচী পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোক জিলা আয়ুক্ত কাৰ্যালয়ত আদৰণি জনোৱা হয়। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী আৰু অসম কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয় তথা নৰৱে' দূতাবাসৰ সমৰ্থনত কঠিয়াতলি গাঁও পঞ্চায়তৰ জুমুৰমুৰ গাঁৱত ৰূপায়ণ হৈ থকা প্ৰকল্পটো পৰিদৰ্শন কৰে। শ্ৰীমতী ষ্...
গোপনীয়তা নীতি | কপিৰাইট © 2026 নিউজ অন আইআৰ। সকলো অধিকাৰ সংৰক্ষিত
শেষ আপডেট কৰা হৈছে: 29th Jan 2026