December 4, 2025 1:04 PM

views 12

বহু লোকৰ সমাগমেৰে আজি চতুর্থ দিনাও উখল মাখল হর্ণবিল মহোৎসৱস্থলী

লোকনৃত্য, থলুৱা খাদ্য সম্ভাৰ আৰু সুৰীয়া সংগীতেৰে উখল মাখল হৈ পৰা নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হর্ণবিল মহোৎসৱস্থলীত আজি চতুর্থ দিনাও বহু লোকৰ সমাগম পৰিলক্ষিত হৈছে। নগা যুৱক-যুৱতীৰ আকর্ষণীয় লোকনৃত্য পৰিৱেশন আৰু দেশ-বিদেশৰ শিল্পীসকলৰ গীতে উপস্থিত জনসাধাৰণক আপ্লুত কৰিছে। জনজাতীয় নৃত্য-গীতে উৎসৱমুখৰ কৰি তোলা এই স্থান বিভিন্ন হস্তকলা আৰু থলুৱা ক্রীড়া প্রতিভা প্ৰদৰ্শনৰো থলী হিচাপে বিবেচিত হৈছে। প্রতি সন্ধিয়া এই মহোৎসৱত সংগীতানুষ্ঠানে দর্শকসকলক আকর্ষিত কৰিছে। উল্লেখযোগ্য যে ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত এ...

December 1, 2024 6:11 PM

views 18

নাগালেণ্ডৰ কিচামা গাঁৱত হৰ্ণবিল মহোৎসৱ আৰম্ভ

নাগালেণ্ডৰ কহিমাৰ সমীপৰ কিচামা গাঁৱত বহু প্রতিক্ষিত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ হৈছে। ৰূপালী জয়ন্তী বৰ্ষত প্ৰৱেশ কৰা এই মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিভিন্ন নাগা ফৈদৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য বহন কৰা নৃত্য-গীতেৰে উৎসৱস্থলী মুখৰ হৈ পৰিছে। এইবাৰৰ এই হৰ্ণবিল উৎসৱত নাগালেণ্ড চৰকাৰৰ লগতে ৱেলছ, জাপান, পেৰু আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সহযোগিতা আগবঢ়াইছে। ছিকিম আৰু তেলেংগানায়ো ১০ দিনীয়া এই মহোৎসৱত সহযোগিতা আগবঢ়াইছে। মহোৎসৱৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত ৱেলছ, জাপান, পেৰু আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ...