July 7, 2025 1:31 PM July 7, 2025 1:31 PM
4
নাগালেণ্ডত বানৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কমেও ৩জন লোকৰ মৃত্যু
চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কমেও তিনিজন লোকৰ মৃত্যু হয়। ডিমাপুৰৰ কুড়াগাঁৱৰ এটা জলমগ্ন আৰক্ষী আৱাসত কালি এটা ইনভাৰ্টাৰত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হয়। ৰাজ্যখনত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল প্লাৱিত হৈছে আৰু বহু লোকে নিজৰ বাসগৃহ এৰি আন ঠাইত আশ্রয় ল'বলগীয়া হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে আবদ্ধ লোকসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যখনৰ ঠায়ে ঠায়ে ভূমিস্খলন ...