September 10, 2024 6:55 PM

views 18

নাগালেণ্ডত অবৈধ প্ৰব্ৰজন ৰোধৰ বাবে চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবঃ উপ-মুখ্যমন্ত্ৰী ৱাই পেটন

নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটনে কৈছে যে ৰাজ্যখনত অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টোক লৈ সতৰ্ক হৈ থকাৰ লগতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। গৃহ মন্ত্ৰ্যালয়ৰো দায়িত্বত থকা শ্ৰী পেটনে জনসাধাৰণক এইবুলি আশ্বাস দিয়ে যে অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে জিলা প্ৰশাসন, আৰক্ষী আৰু অন্য কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহ সম্পূৰ্ণৰূপে সাজু হৈ আছে। ছুম’কেডিমাত কালি নাগৰিক সমাজৰ সৈতে অনুষ্ঠিত অবৈধ প্ৰব্ৰজন বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে ।