December 1, 2025 10:46 AM

views 36

২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ

● নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি ২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ হ'ব। নাগালেণ্ডৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা দিৱসৰ সৈতে একেলগে আয়োজন কৰা এই ১০ দিনীয়া মহোৎসৱত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোক সংগীত, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। প্রায় দুই দশক পূৰ্বে পৰ্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হর্নবিল মহোৎসৱ বৰ্তমান বিশ্বৰ অন্যতম আকর্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে। এই মহোৎসৱে এখন গোলকীয় মঞ্চ হিচাপে দেশ-বিদেশৰ পর্যটক, সহযোগী তথা শিল্পীসকলক আকৰ্ষণ ...

November 14, 2025 12:17 PM

views 28

নাগালেণ্ডত মাদকদ্রব্য নিবাৰণী কাৰ্যবাহিনীৰ মুৰব্বীসকলৰ প্ৰথমখন আঞ্চলিক সম্মিলন আৰম্ভ

পশ্চিমবংগসহ উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মাদকদ্রব্য নিবাৰণী কাৰ্যবাহিনীৰ মুৰব্বীসকলৰ প্ৰথমখন আঞ্চলিক সম্মিলন নাগালেণ্ডৰ আৰক্ষী চৌহদৰ চুমৌকেদিমাত আৰম্ভ হৈছে। নাগালেণ্ড আৰক্ষীয়ে মাদকদ্রব্য নিয়ন্ত্রণ ব্য'ৰৰ সহযোগত এই দুদিনীয়া সম্মিলনৰ আয়োজন কৰিছে। নিচামুক্ত ভাৰত অভিযানৰ অধীনত আয়োজিত এই সন্মিলনত মাদকদ্রব্যৰ যোগান নিয়ন্ত্রণ, পুনৰ বাসন, বলৱৎকৰণ আৰু নিচামুক্তি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সন্মিলনত অংশগ্ৰহণ কৰি নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান ৰূপীন শর্মাই মাদকদ্রব্য বিৰোধী যুঁজৰ দিশৰ পৰা উত্তৰ-প...

October 19, 2025 2:26 PM

views 69

নাগালেণ্ডৰ নেচনেল ডেমক্রেটিক প্রগ্রেছিভ পার্টীয়ে নাগা পিপলছ ফ্রন্ট, এন পি এফৰ সৈতে একত্ৰিত হৈ সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত

নাগালেণ্ডৰ নেচনেল ডেমক্রেটিক প্রগ্রেছিভ পার্টী চমুকৈ এন ডি পি পি নামৰ ৰাজনৈতিক দলটোৱে নাগা পিপলছ ফ্রন্ট, এন পি এফৰ সৈতে একত্ৰিত হৈ এটা সুকীয়া আঞ্চলিক দল গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই একত্ৰিকৰণৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' নাগা পিপলছ ফ্র'ণ্টৰ বিধায়িনী দলৰ নেতা হিচাপে নির্বাচিত হৈছে। শেহতীয়া এই ব্যৱস্থাৰ ফলত ৬০ জনীয়া নাগালেণ্ড বিধানসভাত এন পি এফৰ বিধায়কৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পালে। কোহিমাত কালি অনুষ্ঠিত এন ডি পি পিৰ ষষ্ঠ সাধাৰণ সভাত দলটোৰ একত্ৰিকৰণ সিদ্ধান্ত গ্রহণ কৰা হয়। এন ডি পি পিৰ দল...

October 2, 2025 6:43 PM

views 92

নাগালেণ্ড চৰকাৰলৈ কৰ হস্তান্তৰকৰণৰ অগ্ৰমী কিস্তিৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ

● নাগালেণ্ড চৰকাৰলৈ কৰ হস্তান্তৰকৰণৰ অগ্ৰমী কিস্তি হিচাপে ১ লাখ ১,৬০৩ কোটি টকা মোকলাই দিয়াৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই প্ৰমানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনক ধন্যবাদ জনাইছে। সামাজিক মাধ্যম এক্সত শ্ৰীৰিঅ’ই কয়, যে সময়মতে মোকলাই দিয়া এই ধনে ৰাজ্যখনৰ লগতে দেশৰ কল্যাণ, বিকাশ আৰু মূলধনী ব্যয়ত সহায় কৰিব।

September 22, 2025 9:23 PM

views 78

নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদৰ লগতে ফৈদ আৰু শাখাসমূহক ৫ বছৰৰ বাবে অবৈধ সংগঠন হিচাপে ঘোষণা গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে আজি নাগালেণ্ডৰ ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদৰ লগতে ইয়াৰ সকলো ফৈদ আৰু শাখাসমূহক এই মাহৰ ২৮ তাৰিখৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৫ বছৰৰ বাবে অবৈধ সংগঠন হিচাপে ঘোষণা কৰে ৷ এখন অধিসূচনাত মন্ত্রালয়ে প্রকাশ কৰে যে এই সংগঠনটো ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ ক্ষতিকাৰক কাৰ্যকলাপৰ সৈতে জড়িত আছিল। মন্ত্রালয়ে লগতে উল্লেখ কৰে যে এই সংগঠনটো ১৩ জন আৰক্ষী আৰু ৫১ জন নিৰাপত্তা বাহিনীৰ লোকক হত্যা কার্যত জড়িত আছিল।

September 1, 2025 3:16 PM

views 44

চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তম অধিৱেশন কাইলৈ আৰম্ভ হ’ব

● চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তম অধিৱেশন কাইলৈ আৰম্ভ হ'ব। দুদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশন শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হ'ব। তাৰ পাছতে প্রশ্নোত্তৰ পৰ্ব অনুষ্ঠিত হ'ব। অধিৱেশনত ৰাজহুৱা স্বার্থজড়িত বহু আলোচনা অনুষ্ঠিত হোৱাৰ লগতে কেইবাখনো চৰকাৰী বিধেয়ক উত্থাপন কৰা হ'ব আৰু কেইবাটাও চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। অধিৱেশনত বার্ষিক প্রশাসনিক প্ৰতিবেদন আৰু বিধানসভা সমিতিৰ প্ৰতিবেদনো উত্থাপন কৰা হ'ব।

August 26, 2025 1:07 PM

views 24

নাগালেণ্ডৰ স্বাস্থ্য বীমা আঁচনিক চি আই পি এছ উদ্ভাৱন বঁটা ২০২৪ প্ৰদান

নাগালেণ্ডৰ স্বাস্থ্য সম্পর্কীয় ধ্বজাবাহী পদক্ষেপ মুখ্যমন্ত্রী স্বাস্থ্য বীমা আঁচনিক সার্বজনীন স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন আৰু উদ্ভাৱনীমূলক পদ্ধতিৰ বাবে স্বাস্থ্য খণ্ডত চি আই পি এছ উদ্ভাৱন বঁটা ২০২৪ প্ৰদান কৰা হৈছে। চলিত মাহৰ ২২ তাৰিখে শ্ৰীনগৰত অনুষ্ঠিত এটা অনুষ্ঠানত জম্মু কাশ্মীৰৰ উপ- ৰাজ্যপাল মনোজ সিনহাই এই বঁটা প্ৰদান কৰে। নাগালেণ্ড হেল্থ প্রটেকচন চ'চাইটিৰ হৈ এই বঁটা গ্ৰহণ কৰে সংস্থাটোৰ মুখ্য কাৰ্যবাহী বিষয়া ডা° লংকু মেৰ আৰু উপ মুখ্য কার্যবাহী বিষয়া ডা° ইংনেই কংগিয়াকে। সুলভ তথা ন...

August 24, 2025 12:57 PM

views 58

নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সোমবাৰে শপতগ্ৰহণ

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কাইলৈ নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশনৰ মৃত্যুৰ এদিন পাছত যোৱা ১৬ আগষ্টত অজয় কুমাৰ ভাল্লাক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰিছিল।

April 13, 2025 6:04 PM

views 40

খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় উৎসৱ পাম চানদে মিজোৰাম আৰু নাগালেণ্ডত উৎসাহ আৰু উদ্দীপনাৰে পালন

খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় উৎসৱ পাম চানদে মিজোৰাম আৰু নাগালেণ্ডত উৎসাহ আৰু উদ্দীপনাৰে পালন কৰা হয়। খ্ৰীষ্টান ধৰ্মৰ বিশ্বাসীসকলে ইজৰাইলৰ ৰজা হিচাপে জেৰুজালেমত যীশুখ্ৰীষ্টৰ বিজয়ী প্ৰৱেশৰ সোঁৱৰণত এই উৎসৱ পালন কৰা হয়। পাম চানডেৰ পবিত্র সপ্তাহটোত আৰম্ভ হয় আৰু ইষ্টাৰ চানডে উদযাপনেৰে ইয়াৰ সামৰণি পৰে। মিজোৰামত মিজো ভাষাত টুমকাউ নি' নামেৰে পৰিচিত চানডে ব্যাপক উৎসাহ উদ্যমেৰে পালন কৰা হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশেষ গীর্জা সেৱা অনুষ্ঠিত হোৱাৰ লগতে পাম চানডে শোভাযাত্রা উলিওৱা হয়। না...

January 8, 2025 9:05 PM

views 35

নাগালেণ্ডৰ মুককচাং জিলাত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক উদ্ধাৰ

নাগালেণ্ডৰ মুককচাং জিলাত প্ৰৱেশ কৰাৰ পাছত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক আজি অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ চৰাইদেউ সংবাদদাতাই জনোৱা মতে যোৰহাট জিলাৰ টীয়ক আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত কালি গাড়ী চুৰিৰ ঘটনাৰ তদন্তৰ বাবে নাগালেণ্ডৰ মুককচাং জিলাৰ য়া-চাং-চি বস্তিলৈ যোৱা ১৬ জনীয়া আৰক্ষীৰ দলটোক গাঁওখনৰ একাংশ নগালোকে আক্ৰমণ কৰে আৰু ইয়াৰ ফলত একাদশ অসম আৰক্ষী বেটেলিয়ানৰ জোৱানৰ বিদ্যুৎ দাস গুৰুতৰভাবে আহত হয়। ঘটনাৰ খবৰ পাই নাগালেণ্...