October 8, 2025 9:11 PM

views 48

১৯,৬৫০ কোটি টকা ব্যয়সাপেক্ষে নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বিমান পৰিবহন আন্তঃগাঁথনি খণ্ডত নতুন ইতিহাসৰ সূচনা কৰি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰে। ১৯ হাজাৰ ৬৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই বিমান বন্দৰটোৰ বাণিজ্যিক সেৱা অহা ডিচেম্বৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগে লগে একাধিক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ থকা বিশ্বৰ বছা বছা চহৰৰ ভিতৰত মুম্বাইৰ নামও অন্তৰ্ভুক্ত হ'ল। বিমান বন্দৰটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বে প্রধানমন্ত্ৰীয়ে বন্দৰটো পৰিদৰ্শন কৰে আৰু যাত্ৰীসকলৰ বিভিন্ন সা-সুবিধাৰ বুজ ল...