August 10, 2025 12:30 PM

views 15

কাজিৰঙা আৰু হুকুমা বিল পুনৰ উজ্জীৱিতৰ বাবে প্ৰাৰম্ভিক কামৰ বুজ ল’বলৈ নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত

কাজিৰঙাৰ দুখনকৈ প্ৰাচীন বিল কাজিৰঙা আৰু হুকুমা পুনৰ উজ্জীৱিত কৰাৰ বাবে বছৰজুৰি হ'বলগীয়া বহনক্ষম উন্নয়ন আৰু পৰ্যটনৰ প্ৰকল্পৰ প্ৰাৰম্ভিক কামৰ বুজ ল'বলৈ কালি নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ৰাজহ এলেকাত অৱস্থিত ক্ৰমাৎ পোত খাই অহা এই ঐতিহাসিক বিল দুখন খান্দি জল সংৰক্ষণ প্ৰাকৃতিক পৰিৱেশ সুস্থিৰ কৰাৰ লগতে স্থানীয় লোকৰ বহনক্ষম উন্নয়নৰ বাবে নাৱাৰ্ডে এই বিল দুখনৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। উল্লেখযোগ্য যে, ২০১৬ চনত বিল ...

June 22, 2025 7:42 PM

views 14

বহনক্ষম খাৰিফ পিঁয়াজৰ খেতিৰ জৰিয়তে গ্রাম্য জীৱিকা বৃদ্ধি কৰা শীৰ্ষক প্ৰকল্পত অনুমোদন

নাবাৰ্ডৰ কৃষি খণ্ডৰ প্ৰচাৰ পুঁজিৰ অধীনত বহনক্ষম খাৰিফ পিঁয়াজৰ খেতিৰ জৰিয়তে গ্রাম্য জীৱিকা বৃদ্ধি কৰা শীৰ্ষক এটা বিস্তাৰিত প্ৰকল্প প্রতিবেদন ভিত্তিক প্ৰকল্প উত্তৰ-পশ্চিম যোৰহাট কৃষক উৎপাদক কোম্পানীৰ বাবে অনুমোদন দিয়া হৈছে। বৈজ্ঞানিক পদ্ধতিৰে পিঁয়াজৰ কৃষিৰ জৰিয়তে গ্রাম্য জীৱিকা শক্তিশালী কৰাৰ উদ্দেশ্যেৰে অনুমোদন দিয়া পুঁজিৰ সফল ৰূপায়ণৰ বাবে নাবার্ড, জিলা কৃষি কার্যালয় যোৰহাট, বেংক আৰু মুখ্য কৃষক তথা সদস্যক সামৰি প্ৰকল্প ৰূপায়ণ আৰু নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। সমিতিখনে আজি কৃষক উৎপাদক কোম্...

October 11, 2024 11:39 AM

views 9

গ্ৰামাঞ্চলৰ পৰিয়ালৰ আয় ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি : নাবাৰ্ড

গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ আয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, নাবাৰ্ডৰ সৰ্বভাৰতীয় গ্রাম্য বিত্তীয় অন্তর্ভুক্তি জৰীপ অনুসৰি গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ গড় মাহিলী আয় ২০২১-২২ বৰ্ষত ২০১৬-১৭ বৰ্ষৰ ৮,০৫৯ টকাৰ পৰা ১২,৬৯৮ টকালৈ বৃদ্ধি পাইছে। একেদৰে পৰিয়ালসমূহৰ গড় মাহিলী ব্যয়ো ৬,৬০০ টকাৰ পৰা ১১,২০০ টকাৰো অধিক হৈছে। জৰীপ অনুসৰি এই সময়ছোৱাত গড় সঞ্চয়ো প্রায় ৯,১০০ টকাৰ পৰা ১৩,২০০ টকালৈ বৃদ্ধি পাইছে। প্রায় ৬৬ শতাংশ পৰিয়ালৰ সঞ্চয় ২০১...