August 10, 2025 12:30 PM August 10, 2025 12:30 PM
4
কাজিৰঙা আৰু হুকুমা বিল পুনৰ উজ্জীৱিতৰ বাবে প্ৰাৰম্ভিক কামৰ বুজ ল’বলৈ নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত
কাজিৰঙাৰ দুখনকৈ প্ৰাচীন বিল কাজিৰঙা আৰু হুকুমা পুনৰ উজ্জীৱিত কৰাৰ বাবে বছৰজুৰি হ'বলগীয়া বহনক্ষম উন্নয়ন আৰু পৰ্যটনৰ প্ৰকল্পৰ প্ৰাৰম্ভিক কামৰ বুজ ল'বলৈ কালি নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ৰাজহ এলেকাত অৱস্থিত ক্ৰমাৎ পোত খাই অহা এই ঐতিহাসিক বিল দুখন খান্দি জল সংৰক্ষণ প্ৰাকৃতিক পৰিৱেশ সুস্থিৰ কৰাৰ লগতে স্থানীয় লোকৰ বহনক্ষম উন্নয়নৰ বাবে নাৱাৰ্ডে এই বিল দুখনৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। উল্লেখযোগ্য যে, ২০১৬ চনত বিল ...