December 29, 2025 7:40 PM
10
স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো কবিতাৰ দিন হিচাপে উদযাপন
স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। এখুদ ককাইদেউ হিচাপে পৰিচিত বিশিষ্ট কবি, সাহিত্যিক, শিক্ষাবিদ নৱকান্ত বৰুৱাৰ ৯৯ সংখ্যক জন্মবার্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্রতিক সময়তো জনমানসক আলোড়িত কৰে। আধুনিক অসমীয়া কবিতাক অনন্য মাত্রা প্রদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দর্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনবদ্য ৰূপ প্রতিভাত...