July 14, 2025 7:51 PM July 14, 2025 7:51 PM

views 6

স্বনামধন্য কবি নৱকান্ত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ পুণ্য তিথি উপলক্ষে আজি শ্রদ্ধা নিবেদন কৰা হৈছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহ জীৱনৰ ৰহস্য আৰু উপলব্ধি, প্ৰেমৰ অনুকম্প প্ৰকাশ আৰু পৃথিৱীৰ প্ৰতি ভাল পোৱাৰে সমৃদ্ধ। তেওঁৰ ভাৱ আৰু ভাষাই সাম্প্রতিক সময়তো জনমানসক আলোড়িত কৰে।  হে অৰণ্য, হে মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলন ৰচনা কৰা বৰুৱাৰ ককাদেউতাৰ হাড় উপন্যাসখনে ১৯৭৫ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। ইয়াৰ ১৯৭৪ চনত অসম প্ৰকাশন ...