October 18, 2024 12:11 PM October 18, 2024 12:11 PM

views 2

ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ শৃংগ কাৰ্ষ্টেন্স পিৰামিড আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে নব কুমাৰ ফুকনে

অসমৰ পৰ্বতাৰোহী নৱ কুমাৰ ফুকনে ৮ হাজাৰ ৮৮৪ মিটাৰ উচ্চতাৰ নিউগিনি দ্বীপৰ পুনকাক জয়া বা কাৰ্ষ্টেন্স পিৰামিড আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাৰ্ষ্টেন্স পিৰামিড হ'ল ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ শৃংগ। ইণ্ডোনেছিয়াৰ মধ্য পাপুৱাৰ মিমিকা ৰিজেন্সিৰ হাইলেণ্ডৰ চুদিৰমান ৰেঞ্জত এই পৰ্বত অৱস্থিত। নৱ কুমাৰ ফুকনে ১৪ অক্টোবৰত এই অভিযান সফলভাৱে সম্পন্ন কৰিবলৈ সমৰ্থ হয়। ফুকনে অ' এন জি চিৰ চি এছ আৰ পদক্ষেপৰ অধীনত লাইপলেং তৈলক্ষেত্ৰ এলেকাৰ স্থানীয় যুৱকৰূপে অ' এন জি চি অসম এচেটৰ পৃষ্ঠপোষকতাত এই অভিযান চলাইছিল।