September 5, 2025 8:44 PM

views 32

NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা

প্রসিদ্ধ শিক্ষাবিদ, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক কৃতী শিক্ষক বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ, NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা ...

September 4, 2025 7:18 PM

views 18

ৰাজ্যৰ ৬খন মহাবিদ্যালয়ৰ নাকৰ এ গ্রেড লাভ

ৰাজ্যৰ ৬খন মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু প্ৰত্যায়ন পৰিষদ নাকৰ এ গ্রেড লাভ কৰিছে। ইয়াৰ ভিতৰত পাণ্ডু মহাবিদ্যালয়, প্রাগজ্যোতিষ মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয় আছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। মহাবিদ্যালয় কেইখনক অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই স্বীকৃতিয়ে শৈক্ষিক উৎকৰ্ষতা আৰু গুণগত শিক্ষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্রতিফলিত কৰে।

October 21, 2024 12:14 PM

views 27

NAAC ৰ মূল্যায়নত শদিয়া আৰু নলবাৰী মহাবিদ্যালয়ৰ ক্ৰমে বি-গ্রেড আৰু বি-ডাবল প্লাছ গ্ৰেড লাভ

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ- NAAC ৰ মূল্যায়নত শদিয়া মহাবিদ্যালয়ে ২ দশমিক ৪ CGPA ৰে বি-গ্রেড লাভ কৰিবলৈ সমৰ্থ হৈছে। আনহাতে নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ে ২ দশমিক ৮-৫ CGPA ৰে বি-ডাবল প্লাছ গ্ৰেড লাভ কৰে।এই সাফল্যৰ বাবে শিক্ষা মন্ত্রী ডাº ৰণোজ পেগুৱে দুয়োখন মহাবিদ্যালয়ক অভিনন্দন জনাইছে।

October 20, 2024 12:09 PM

views 19

NAACৰ মূল্যায়নত ৰাজ্যৰ তিনিখন মহাবিদ্যালয়ৰ সাফল্য

ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ NAACৰ মূল্যায়নত পাণ্ডু মহাবিদ্যালয়ে ৩.১-২ CGPA ৰে এ-গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। দৰং মহাবিদ্যালয়ে ২.৮-৫ CGPA ৰে বি-ডাবল প্লাছ আৰু গোগামুখ মহাবিদ্যালয়ে ২.১ CGPA ৰে বি-গ্রেড লাভ কৰে। তিনিখন মহাবিদ্যালয়ৰ এই সাফল্যৰ বাবে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে শুভেচ্ছা জনাইছে।