March 5, 2025 12:00 PM

views 19

ফাকুৱাৰ সময়ত দুখন বিশেষ ৰে’লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ফাকুৱাৰ সময়ত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি নাৰেঙ্গী আৰু গোড়খপুৰ, কামাখ্যা আৰু আনন্দবিহাৰৰ মাজত দুখন বিশেষ ৰে'লগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। ০৫৬৩৩ নম্বৰৰ বিশেষ ৰে’লগাড়ীখনে কাইলৈৰ পৰা ২৭ মাৰ্চলৈকে প্ৰতি বৃহস্পতিবাৰে মুঠ ৪ বাব নাৰেঙ্গীৰ পৰা গোড়খপুৰলৈ যাত্ৰা কৰিব৷ ০২৫২৫ নম্বৰৰ বিশেষ ৰে’লগাড়ীখনে ৭ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ প্ৰতি শুকুৰবাৰে মুঠ ৪ বাব কামাখ্যাৰ পৰা আনন্দবিহাৰলৈ যাত্ৰা কৰিব। ইয়াৰ উপৰি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এই সময়ছোৱাত কাটিহাৰ আৰু অমৃতসৰৰ মাজতো প্রতি...