February 10, 2025 12:32 PM

views 16

মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বিৰেণ সিঙৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি বিচাৰি পদত্যাগপত্র দাখিল কৰে। শ্রীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক আৰু প্ৰদেশ বিজেপিৰ অধ্যক্ষ এ সাৰদা তথা বিজেপি সাংসদ তথা বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী সম্বিত পাত্ৰ আছিল। পদত্যাগ পত্ৰত শ্ৰীসিঙে উল্লেখ কৰে যে মণিপুৰবাসীৰ সেৱা কৰিবলৈ পোৱাটো তেওঁৰ বাবে সন্মানৰ কথা। মণিপুৰৱাসীৰ হিতৰ বাবে ৰাজ্যখনত ৰূপায়ণ কৰা বিভিন্ন আঁচনি তথা বিকা...

February 10, 2025 10:50 AM

views 19

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ পদত্যাগ

■ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি পদত্যাগপত্র দাখিল কৰে। শ্ৰীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰী বাচনি নকৰা পৰ্যন্ত দায়িত্ববাহী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগপত্র দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক...

November 18, 2024 12:04 PM

views 14

এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলছ্ পার্টিৰ সমর্থন প্রত্যাহাৰ

এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলছ্ পার্টিয়ে সমর্থন প্রত্যাহাৰ কৰিছে। এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি কনবাড কে চাংমাই বিজেপিৰ সভাপতি জে পি নাড্ডাক এন পি পিৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। একাদশ মণিপুৰ বিধানসভাত থকা ৭ গৰাকী এন পি পি বিধায়কে মণিপুৰৰ বিজেপিৰ নেতৃত্ব চৰকাৰক সমর্থন দিছিল। মণিপুৰ বিধানসভাত বিজেপিৰ বিধায়কৰ সংখ্যা ৩২। সদ্যহতে এন বীৰেন সিঙৰ চৰকাৰৰ প্ৰতি এন পি এফ, জে ডি ইউ আৰু কেইবাগৰাকীয়ো নির্দলীয় বিধায়কৰ সমৰ্থন আছে। কনৰাড কে চাংমাই লিখা পত্ৰখনত উল্লেখ কৰা হৈছে যে ...