April 3, 2025 12:47 PM
13
ম্যানমাৰত হোৱা ভূমিকম্পত মৃত্যু হোৱাৰ লোকৰ সংখ্যাই ২,৮৮৬ অতিক্ৰম
ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱাৰ লোকৰ সংখ্যাই দুহেজাৰ ৮৮৬ অতিক্ৰম কৰিছে। ভূমিকম্পৰ ফলত চাৰি হেজাৰ ৬০০ৰো অধিক লোক আহত হৈছে আৰু ৩৭৩ জন লোক সন্ধানহীন হৈ আছে। দেশখনৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উদ্ধাৰকাৰী দলে ভূমিকম্পৰ ৫ দিন পাছত কালি ধবংসস্তূপৰ মাজৰ পৰা এজন যুৱকক জীৱন্তে উদ্ধাৰ কৰে।