December 28, 2025 10:19 AM

views 28

ম্যানমাৰত আজি সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ

ম্যানমাৰত আজি সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ অনুষ্ঠিত হ'ব। তিনিটা পৰ্যায়ত হ'বলগীয়া এই নিৰ্বাচনত দ্বিতীয় পৰ্যায়ৰ বাবে ১১ জানুৱাৰীত, আৰু তৃতীয় পৰ্যায়ৰ বাবে ২৫ জানুৱাৰী ভোট গ্রহণ কৰা হ'ব। দেশখনত সামৰিক অভ্যূত্থানৰ বাবে নবেল বঁটা প্ৰাপক আং-চাং-ছ্যু কি চৰকাৰৰ পতনৰ পাঁচ বছৰ পাছত সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছে। দেশখনৰ জনসাধাৰণে এই সামৰিক অভ্যূত্থানৰ ব্যাপক বিৰোধীতা কৰিছিল। আজি দেশখনৰ ৩৩০ৰ ভিতৰত ১২০ টা সমষ্টিত ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও ৫৬টা সমষ্টিত ভোটগ্রহণ বাতিল কৰা হৈছে। এইবাৰৰ নিৰ্...