March 31, 2025 9:29 PM March 31, 2025 9:29 PM

views 4

ম্যানমাৰত ভূমিকম্পত এতিয়ালৈকে দুহেজাৰতকৈও অধিক লোকৰ মৃত্যু

ম্যানমাৰক যোৱা সপ্তাহত জোকাৰি যোৱা ভয়ংকৰ ভূমিকম্পত এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুহেজাৰতকৈও অধিক হৈছেগৈ। যোৱা শুকুৰবাৰে ম্যানমাৰত ৭ দশমিক ৭ প্রাবল্য আৰু ৬ দশমিক ৭ প্রাবল্যৰ ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পই দেশখনৰ মান্দালেই অঞ্চলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। দেশখনত অহা এই ভয়ংকৰ ভূমিকম্পই থাইলেণ্ড, ভিয়েটনাম, লাওচ আৰু দক্ষিণ-পশ্চিম চীনকো জোকাৰি যায়। ম্যানমাৰৰ সামৰিক বাহিনীৰ নেতৃত্বই জনোৱা মতে এই ভূমিকম্পৰ ফলত দুহেজাৰ ৫৬ গৰাকীতকৈও অধিক লোকে প্রাণ হেৰুৱাইছে আৰু ৩ হাজাৰ ৯০০তকৈও অধিক লোক আহত হৈছে।...