December 19, 2024 8:41 PM

views 30

ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কমঃ মুৰুলীধৰ মহল

অসামৰিক বিমান পৰিবহন দপ্তৰৰ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মহলে কয়, যে ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কম। লোকসভাত আজি এটা লিখিত উত্তৰত শ্ৰী মহলে কয়, যে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিমান ভাড়া নিৰীক্ষণ গোট স্থাপন কৰিছে আৰু এই গোটে বিভিন্ন দেশৰ বিমান ভাড়া নিৰীক্ষণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০২৩ বৰ্ষৰ তুলনাত চলিত বৰ্ষত এই ভাড়াৰ পৰিমাণ হ্ৰাস পাইছে। তেওঁ দাবী কৰে যে, প্রতি কিলোমিটাৰ হিচাপত ভাৰতীয় বিমান পৰিবহন সংস্থাসমূহে নিৰ্ধাৰণ কৰা ভাড়া বিশ্বৰ আন বিমান পৰিবহন সংস্থাৰ ভাড়াতকৈ কম।...

July 29, 2024 8:23 PM

views 28

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে

উড়ান আঁচনিৰ অধীনত সম্প্রতি মুঠ ৫৭৯ টা বায়ুপথেদি ১৩ টা হেলিপোর্ট আৰু দুটা ৱাটাৰ এৰোড্রোমসহ ৮৫ টা বিমান বন্দৰ কাৰ্যক্ষম হৈ আছে। ৰাজ্যসভাত আজি অসমাৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে লিখিতভাৱে এই বিষয়ে প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ২১ টা নতুন সেউজ বিমান বন্দৰ স্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰে ভিতৰত বিগত ১০ টা বছৰত ১২ টা সেউজ বিমান বন্দৰ কাৰ্যক্ষম হৈ উঠিছে।