December 19, 2024 8:41 PM December 19, 2024 8:41 PM
19
ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কমঃ মুৰুলীধৰ মহল
অসামৰিক বিমান পৰিবহন দপ্তৰৰ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মহলে কয়, যে ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কম। লোকসভাত আজি এটা লিখিত উত্তৰত শ্ৰী মহলে কয়, যে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিমান ভাড়া নিৰীক্ষণ গোট স্থাপন কৰিছে আৰু এই গোটে বিভিন্ন দেশৰ বিমান ভাড়া নিৰীক্ষণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০২৩ বৰ্ষৰ তুলনাত চলিত বৰ্ষত এই ভাড়াৰ পৰিমাণ হ্ৰাস পাইছে। তেওঁ দাবী কৰে যে, প্রতি কিলোমিটাৰ হিচাপত ভাৰতীয় বিমান পৰিবহন সংস্থাসমূহে নিৰ্ধাৰণ কৰা ভাড়া বিশ্বৰ আন বিমান পৰিবহন সংস্থাৰ ভাড়াতকৈ কম।...