November 28, 2025 8:44 PM November 28, 2025 8:44 PM
3
বিজ্ঞানসন্মতভাৱে অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰত অসম আৰক্ষীৰ বিশেষ ব্যৱস্থা গ্ৰহণ
বিজ্ঞানসন্মতভাৱে অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমত স্থাপন কৰা মেজাৰমেণ্ট কালেকচন ইউনিট চমুকৈ এম চি ইউত ডি এন এ নমুনা সংগ্ৰহ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। উলুবাৰীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আজি আৰক্ষী বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে কেন্দ্রীয় চৰকাৰে ২০২২ চনত প্ৰৱৰ্তন কৰা অপৰাধী চিনাক্তকৰণ পদ্ধতি আইনখনৰ সম্প্ৰসাৰণ কৰা হৈছে। এই নতুন ব্যৱস্থা অনুসৰি অপৰাধীৰ চ...