May 24, 2024 11:32 AM

views 28

মুনীন বৰকটকী সাহিত্য বঁটাৰ বাবে অসমীয়া ভাষাৰ লেখক-লেখিকাৰ পৰা গ্ৰন্থ-পাণ্ডুলিপি আহ্বান

মুনীন বৰকটকী সাহিত্য বঁটাৰ ২০২৪ বৰ্ষৰ বাবে অসমীয়া ভাষাৰ লেখক-লেখিকাৰ পৰা গ্ৰন্থ আৰু পাণ্ডুলিপি আহ্বান কৰা হৈছে। ৪০ বছৰৰ অনূৰ্ধ্বৰ লেখক-লেখিকাসকলে এই বঁটাৰ বাবে অহা ৩১ জুলাইৰ ভিতৰত গ্ৰন্থ আৰু পাণ্ডুলিপি প্ৰেৰণ কৰিব পাৰিব। উল্লেখযোগ্য যে সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসে ১৯৯৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা, এখন প্রশস্তিপত্ৰৰ লগতে এটা স্মাৰক। প্ৰ-পত্ৰ পূৰণ আৰু অন্যান্য নিয়মাৱলী সম্পর্কে জানিবলৈ আগ্রহীসকলে www.mun...