December 30, 2025 10:10 AM

views 22

মুম্বাইৰ পশ্চিম ভান্দুপ অঞ্চলত সংঘটিত এটা শোকাৱহ বাছ দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু

মুম্বাইৰ পশ্চিম ভান্দুপ অঞ্চলত যোৱা নিশা সংঘটিত এটা শোকাৱহ বাছ দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হয়। নিশা প্রায় ১০ বজাত সংঘটিত দুর্ঘটনাটোত অন্য ৯ গৰাকী লোক আহত হোৱাৰ বাতৰি আহিছে। বৃহনমুম্বাই ইলেকট্রিক ছাপ্পাই এণ্ড ট্রান্সপৰ্টৰ এখন বাছে পথচাৰীক মহতিয়াই নিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী মহিলা আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আহত লোকসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাছখনৰ চালকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে দুৰ্ঘটন...

February 16, 2025 8:50 PM

views 15

মুম্বাইৰ এটা অগ্নিকাণ্ডত দুগৰাকী মহিলা নিহত

মুম্বাইত আজি পুৱা হোৱা এটা অগ্নিকাণ্ডত উশাহ বন্ধ হৈ দুগৰাকী মহিলা নিহত হোৱাৰ লগতে আন দুগৰাকী মহিলা আহত হয়। দক্ষিণ মুম্বাইৰ মছজিদ বন্দৰ অঞ্চলৰ পান্না আলী মেনচন নামৰ কেইবামহলীয়া ভৱনটোৰ একাদশ মহলাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত লোকসকল বর্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। বাতৰি লিখাৰ পৰলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷