July 17, 2024 6:19 PM

views 12

মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৩ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ জব্দ

মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৩ কিলোগ্ৰামতকৈও অধিক পৰিমাণৰ সোণ, ১০ কোটি ৩৩ লাখ টকা মূল্যৰ বৈদ্যুতিন সামগ্ৰী আৰু ৪৫ লাখ টকা পৰিমাণৰ বৈদেশিক মুদ্রা জব্দ কৰা হৈছে। বিমান বন্দৰটোৰ তৃতীয় সীমা শুল্ক ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই যোৱা ১০ জুলাইৰ পৰা ১৪ জুলাইলৈ চলোৱা অভিযানত এই সামগ্ৰীখিনি জব্দ কৰা হয়। ৰেড ড্রাইভ হিচাপে অভিহিত কৰা এই অভিযানৰ সময়ত ৭ জনক লোকক গ্ৰেপ্তাৰ কৰা হয় ।