January 23, 2025 7:50 PM

views 19

মহাৰাষ্ট্ৰৰ পছোৰাৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত কালি বিয়লি হোৱা ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি পাইছে। ইয়াৰে ১০জনক চিনাক্ত কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে আজি এই বিষয়ে প্ৰকাশ কৰে। সাংবাদিকৰ আগত শ্ৰীপাৱাৰে কয় যে পুস্পক এক্সপ্ৰেছত জুই লগা বুলি উৰা বাতৰি বিয়পাৰ পাছত চেইন টানি ৰে’লখনৰ একাংশ যাত্রী নামি যোৱাৰ সময়তে কৰ্ণাটক এক্সপ্ৰেছ নামৰ অন্য এখন ৰে’লগাড়ীয়ে যাত্ৰীসকলক মহতিয়াই নিয়াৰ ফলত এই অঘটন ঘটে। তেওঁ কয় যে ৰাজ্যখনৰ জলসম্পদ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী গিৰিশ মহাজন...