October 2, 2025 12:56 PM

views 21

২০২৬-২৭ চনৰ বিপণনৰ বাবে সকলো বাধ্যতামূলক ৰবি শস্যৰ নূন্যতম সমর্থন মূল্য বৃদ্ধি

চৰকাৰে ২০২৬-২৭ চনৰ বিপণনৰ বাবে সকলো বাধ্যতামূলক ৰবি শস্যৰ নূন্যতম সমর্থন মূল্য (এমএছপি) বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্রীসভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি প্ৰতি কুইণ্টলত মচুৰ দাইল ৩০০ টকা, সৰিয়হৰ ২৫০ টকা, বাৰ্লি ১৭০ টকা, আৰু ঘেঁহু ১৬০ টকা এম এছ পি বৃদ্ধি কৰা হৈছে ৷ কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে সংশোধিত এমএছপিসমূহে কৃষকসকলক কেৱল উন্নত লাভৰ সুবিধা প্ৰদান কৰাই নহয়, শস্যৰ বৈচিত্ৰ্যকো উৎসাহিত কৰিব ত...