September 8, 2024 8:28 PM

views 30

মাংকি পক্সৰ সংক্ৰমণৰ সন্দেহত এজন ৰোগীক আছুতীয়াকৈ চিকিৎসা কৰা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ প্ৰকাশ

এজন যুৱকৰ দেহত মাংকি পক্সৰ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে, তেওঁ এম পক্সৰ সংক্ৰমণ থকা এখন দেশ অলপতে ভ্ৰমণ কৰিছিল। স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এখন বিশেষ চিকিৎসালয়ত ৰোগীজনক আছুতীয়াকৈ ৰখা হৈছে। তদুপৰি, মাংকি পক্সৰ উপস্থিত সন্দৰ্ভত নিশ্চিত হ'বলৈ নমুনা পৰীক্ষা কৰি থকা হৈছে। মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি, ৰোগীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ হৈ আছে। মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে যে, নিৰ্ধাৰিত নীতি অনুসৰি তেওঁৰ চিকিৎ‍সা কৰি থকা হৈছে তথা তেওঁৰ সংস্পৰ্শলৈ অহাসকলৰ বাবে যথাবিহিত ...