April 30, 2024 6:01 PM
19
যৌন আতিশয্যৰ ঘটনাৰ অভিযোগত জে ডি এছৰ নেতা প্ৰজ্বল ৰেৱান্নাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ব্যৱস্থা গ্ৰহণৰ দাবী
ৰাষ্ট্ৰীয় মহিলা আয়োগে জে ডি এছৰ নেতা প্ৰজ্বল ৰেৱান্নাৰ সৈতে জড়িত যৌন আতিশয্যৰ ঘটনাৰ অভিযোগ সন্দৰ্ভত কৰ্ণাটকৰ আৰক্ষী সঞ্চালকপ্ৰধানক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই কৰ্ণাটকৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ পত্র লিখি অভিযুক্তজনক আটক কৰিবলৈ কৈছে। তেওঁ লগতে তিনিদিনৰ ভিতৰত ঘটনাটো সন্দৰ্ভত সবিশেষ প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ঘটনাটোক গৰিহণা জনাই শ্ৰীমতী শৰ্মাই কয় যে এনেধৰণৰ ঘটনাই মহিলাৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে আৰু হিংসাৰ সংস্কৃতি বিয...