December 19, 2024 4:30 PM

views 33

শাসকীয় বিজেপি আৰু বিৰোধী দলৰ সদস্যৰ প্ৰতিবাদৰ মাজত সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ প্ৰতাপ সাৰংগী আহত

শাসকীয় বিজেপি আৰু বিৰোধী দলৰ সদস্য উভয়ে পৰস্পৰৰ বিৰুদ্ধে সুকীয়াকৈ কৰা প্ৰতিবাদৰ মাজতে আজি সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ প্ৰতাপ সাৰংগী আহত হয়৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাৰংগীয়ে কয় যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ঠেলি দিয়া এগৰাকী সাংসদ অতর্কিতে গাৰ ওপৰত পৰি যোৱাত তেওঁ আহত হয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই ঘটনাক গৰিহণা দিয়ে। তেওঁ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদসকলে বিজেপিৰ সাংসদজনক আক্রমণ কৰিছিল বুলিও অভিযোগ তোলে। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে শ...

December 19, 2024 4:12 PM

views 25

কংগ্ৰেছ দলে ড০ বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি সাংসদসকলৰ সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

কংগ্ৰেছ দলে ড০ বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি আজি বিজেপি সাংসদসকলে সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলৰ সদস্যসকলে প্লেকার্ড লৈ বিৰোধীৰ বিৰুদ্ধে শ্লোগান দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে নেহৰু-গান্ধী পৰিয়ালে সদায় ডাঃ আম্বেদকাৰৰ প্রতি অসন্মান প্রদর্শন কৰি আহিছে বুলি অভিযোগ তোলে। জৱাহৰ লাল নেহৰুৱে নিজেই ড০ আম্বেদকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি তেওঁক নিৰ্বাচনত পৰাস্ত কৰাৰ লগতে ৰাজনীতি ত্যাগ কৰিবলৈ বাধ্য কৰা বুলিও শ্রী ঠাকুৰে অভিযো...