December 19, 2024 4:30 PM December 19, 2024 4:30 PM
16
শাসকীয় বিজেপি আৰু বিৰোধী দলৰ সদস্যৰ প্ৰতিবাদৰ মাজত সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ প্ৰতাপ সাৰংগী আহত
শাসকীয় বিজেপি আৰু বিৰোধী দলৰ সদস্য উভয়ে পৰস্পৰৰ বিৰুদ্ধে সুকীয়াকৈ কৰা প্ৰতিবাদৰ মাজতে আজি সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ প্ৰতাপ সাৰংগী আহত হয়৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাৰংগীয়ে কয় যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ঠেলি দিয়া এগৰাকী সাংসদ অতর্কিতে গাৰ ওপৰত পৰি যোৱাত তেওঁ আহত হয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই ঘটনাক গৰিহণা দিয়ে। তেওঁ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদসকলে বিজেপিৰ সাংসদজনক আক্রমণ কৰিছিল বুলিও অভিযোগ তোলে। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে শ...