December 20, 2024 8:02 PM

views 17

সংসদ ভৱনত আহত হোৱা বিজেপি সাংসদ দুগৰাকীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ

সংসদ ভৱনত কালি হেঁচা-ঠেলাৰ এটা ঘটনাত আহত হোৱা বিজেপি সাংসদ দুগৰাকীৰ অৱস্থা সম্প্ৰতি সুস্থিৰ। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঠেলা মাৰি দিয়াৰ ফলত এই সাংসদ দুগৰাকী আহত হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল। সংসদ ভৱনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে সাংসদসকলে সংসদৰ মৰ্যাদা ৰক্ষা কৰি চলা উচিত আৰু কোনো ধৰণে শাৰীৰিক শক্তি প্ৰয়োগৰ পৰা বিৰত থকা উচিত। কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীৰ আৰ...